বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বুধ গ্ৰহক বুদ্ধি, তৰ্ক, সংবাদ, গণিতৰ কাৰক বুলি কোৱা হয়৷ বুধ গ্ৰহৰ কাষত কন্যা ৰাশিক উচ্চ বুলি কোৱা হয় আৰু মীন ৰাশিক তলৰ ৰাশি বুলি কোৱা হয়৷ আসন্ন ১৫ ছেপ্টেম্বৰত বুধ গ্ৰহে কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ তাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাৰ লাভ হব পাৰে৷ বুধৰ অৱস্থান সলনিৰ ফলত কোন কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে? বুধৰ অৱস্থান সলনিৰ ফলত কোন কোন ৰাশিৰ জাতকে লাভ পাব?
কন্যা ৰাশি
বুধৰ গোচৰ কন্যা ৰাশিৰ বাবে লাভজনক হব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব পাৰে৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ মান সন্মান বৃদ্ধি হব পাৰে৷ দাম্পত্য জীৱন ভাল হব৷ পৰিয়ালত ভাল সময় কটাব পাৰে৷
মিথুন ৰাশি
আপোনাৰ সুখ সুবিধা বৃদ্ধি পাব পাৰে৷ কোনো বাহন বা সম্পত্তি ক্ৰয়ৰ মনোভাৱ থাকিব পাৰে৷ পৈতৃক সম্পত্তিৰ সুখো পাব পাৰে৷ দৰমহা বৃদ্ধি পাব পাৰে৷ চাকৰিত উন্নতি বা নতুন কোনো প্ৰজেক্ট আৰম্ভ কৰিব পাৰে৷ বিদেশত পঢ়াশুনাৰ সুযোগ পাব৷
ধনু ৰাশি
এই সময়ত কামৰ দিশৰ পৰা উন্নতি পাব পাৰে৷ ব্যৱসায়, চাকৰিৰ দিশৰ পৰা ভাল লাভ পাব পাৰে৷ ব্যৱসায়ীয়ে নতুন নতুন অৰ্ডাৰ পাব৷ কোনো নতুন চাকৰি বা প্ৰমোছন পাব পাৰে৷ কৰোবালৈ যাত্ৰা কৰিলে সেই যাত্ৰা ফলপ্ৰসূ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












