বুধাদিত্য ৰাজযোগত বহুতো উন্নতি কৰিব ৪ ৰাশিয়ে, কি হ’ব এই সপ্তাহত
সময়ৰ ব্যৱধানত প্ৰত্যেক গ্ৰহই স্থান পৰিবৰ্তন কৰে, যি বিভিন্ন ৰাশিৰ জাতক-জাতিকাই জীৱনত প্ৰভাৱ পেলাই৷ তাৰ মাজতেই কেতিয়াবা কেতিয়াবা গ্ৰহ নক্ষত্ৰৰ মিলন ৰাজযোগ তৈয়াৰ হয়৷ সূৰ্য আৰু বুধৰ মহামিলনত তৈয়াৰ হয় বুধাদিত্য ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰত যি সমস্ত ৰাজযোগৰ বৰ্ণনা পোৱা গৈছে তাৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ হৈছে বুধাদিত্য ৰাজযোগ৷
এই বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত ৪ ৰাশিৰ বহুতো উন্নতি হবলৈ গৈ আছে। এই সপ্তাহটো ৪ ৰাশিৰ লোকৰ বাবে অতি শুভ হ’বলৈ গৈ আছে-
কৰ্কট ৰাশি
বুধাদিত্য যোগ কৰ্কট ৰাশিৰ বাবে লাভজনক হ’ব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ নিজৰ লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাওক৷ সাফল্য আহিবই৷ মে’ মাহৰ শেষৰ ফালে জীৱনত যাৱতীয় সমস্যাৰ সমাধান বিচাৰি পাব৷ কামৰ জগতত খ্যাতি বাঢ়িব৷
তুলা ৰাশি
২০২৫ত সকলো ধৰণৰ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ মানুহে৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ বহু দিন ধৰি পাবলগীয়া টকা এই সময়ত লাভ কৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ যি কোনো সিদ্ধান্ত ভাৱিচিন্তি লওক৷
মকৰ ৰাশি
সূৰ্যৰ মিলনত মকৰ ৰাশিৰ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ বৈবাহিক জীৱন সুখৰ হব৷ চাকৰিজীৱীয়ে নতুন দায়িত্ব পাব পাৰে৷ কামৰ মাধ্যমেৰে সকলোৰে মন জয় কৰিব৷ কৰ্মক্ষেত্ৰত কামত সন্তুষ্টি পাব৷
কুম্ভ ৰাশি
বুধাদিত্য ৰাজযোগত সুদিন উভতি আহিব কুম্ভ ৰাশিৰ৷ জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতিৰ সুযোগ আহিব৷ চাকৰিয়ালে কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ নিজৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব৷ ব্যৱসায়ত বৃহৎ লাভৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















