শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা
১ জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা দ্বিতীয় কোৱালিফায়াৰত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাব দলে মুম্বাইক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি হাৰ্দিক পাণ্ডিয়া আৰু দলটোৱে ২০৩ ৰান সংগ্ৰহ কৰে। আয়াৰৰ অধিনায়কত্বৰ ইনিংছৰ সহায়ত পঞ্জাবে ১৯ অভাৰতে লক্ষ্যত উপনীত হয়।
কিন্তু এই খেলখনত দুয়ো দলৰ অধিনায়কৰ বিৰুদ্ধে জৰিমনা বিহে বি চি চি আইয়ে।
শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকাৰ জৰিমনা। লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ২৪ লাখ টকাৰ জৰিমনা বিহা হয় আয়াৰক। এইটো আছিল পাঞ্জাৱ দলৰ এই নিয়মৰ দ্বিতীয়টো উলংঘা।
এই ছিজনত দ্বিতীয়বাৰৰ বাবে পঞ্জাব কিংছক লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে। যাৰ বাবে অধিনায়ক আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হৈছে আৰু ইমপেক্ট খেলুৱৈকে ধৰি বাকী দলীয় খেলুৱৈসকলক ৬ লাখ টকাকৈ জৰিমনা বিহা হৈছে।
ইয়াৰ উপৰিও এই ছিজনত তৃতীয়বাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছক স্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে, যাৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৩০ লাখ টকা জৰিমনা বিহা হৈছে আৰু দলৰ বাকী খেলুৱৈসকলক ১২ লাখ টকাকৈ জৰিমনা বিহা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ