শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত
এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। কাইলৈ ৰক্ষাবন্ধন বুলি আজি কামৰ অন্তত ঘৰলৈ বুলি ৰাওনা হৈছিল এটা শ্ৰমিকৰ দল। পাছে বাটতে দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে ১০গৰাকীকৈ লোকে। আনহাতে ২৯ গৰাকী লোক আহত।
এই শোকাৱহ তথা ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ বুলন্দচহৰত। এখন পিকআপ বাহনক বাছ এখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ১০ গৰাকীকৈ লোকে। আনহাতে শিশুসহ ২৯ গৰাকী লোক আহত। ইয়াৰে ভিতৰত কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। আহত সকলোকে বৰ্তমানে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি গাজিয়াবাদৰ এটা ব্ৰেণ্ড ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰা ৩৫ৰো অধিক লোকে সন্তান আৰু পৰিবাৰৰ সৈতে কাইলৈৰ ৰক্ষা বন্ধন উপলক্ষে ঘৰলৈ বুলি ৰাওনা হৈছিল। এখন পিকআপ বাহনত যাত্ৰা কৰিছিল লোক সকল। পাছে বাটতে এখন প্ৰকাণ্ড বাছে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ পৰিনাম হয়।
হাস্পতালৰ চিকিৎসকৰ পৰা জানিব পৰা অনুসৰি, ২৯ গৰাকী আহতৰ ভিতৰত ৮ গৰাকী লোকৰ অৱস্থা বৰ্তমানে সংকটজনক। আই চি ইউত ৰখা হৈছে এই ৮গৰাকী লোকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ