• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ  ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…

লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

5 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

6 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

7 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

7 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

8 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

9 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

10 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

10 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

10 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

11 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

11 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…

লখিমপুৰৰ যুৱ কৃষক বুলবুল দত্তই কলে ভোটজলকীয়া খেতিৰ পাৱাৰৰ কথা...

editor by editor
December 17, 2023
in বাণিজ্য
0
লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ  ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…
0
SHARES
14.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মন কৰিলেই চন, বকৰা মাটিতেই ধন। মন মেলিলে অসমৰ বকৰা মাটিৰ পৰাও ঘটিব পাৰি লাখ লাখ টকা, তেনেক্ষেত্ৰত অসমৰ সাৰুৱা পথাৰৰ পৰা কিমান ধন ঘটিব পাৰি এবাৰ নিজেই ভাৱক। অসমৰ কৃষিক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিৰ বাবে আজিও বহু কৃষক পিছ পৰি ৰৈছে। কিন্তু তাৰমাজতো যুৱ প্ৰজন্মৰ বহু কৃষকে পুৰণি কিছু পদ্ধতিকে বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰি এই ক্ষেত্ৰত দোপতদোপে আগুৱাইছে।

খানাপাৰাত অনুষ্ঠিত হৈ থকা অষ্টম অসম আন্তজাৰ্তিক কৃষি উদ্যান শস্য মেলাত বহু কৃষকে উতপাদিত শস্য পৰিৱেশন কৰিছে। তাৰ মাজতে ঢকুৱাখনাৰ এগৰাকী যুৱ কৃষকে অসমৰ কৃষি ক্ষেত্ৰ থকা প্ৰচুৰ সম্ভাৱনাৰ কথা আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে। যুৱ কৃষকগৰাকীৰ নাম হৈছে বুলবুল দত্ত। ঢকুৱাখনাত ধানৰ লগতে অন্য কেইবাটাও উদ্যান শস্যৰ খেতি কৰি স্বাৱলম্বী হোৱা বুলবুল দত্তই নিজৰ উপাৰ্জনৰ সন্দৰ্ভত কয় যে,-বৰ্তমান মই এজন টেট শিক্ষকে যিমান দৰমহা পায়, তাৰ দুগুণ ধন কৃষিৰ জৰিয়তে উপাৰ্জন কৰি আছো।

অসমৰ কৃষি ক্ষেত্ৰক লৈ বহু আশাবাদী বুলবুল দত্তই ৰাজ্যৰ একাংশ খেতিয়কে কীটনাশক সাৰ ব্যৱহাৰ কৰি অসমৰ সাৰুৱা খেতি পথাৰবোৰ নষ্ট কৰিছে বুলিও আক্ষেপ প্ৰকাশ কৰে। অত্যাধিক পৰিমাণে কীটনাশক ব্যৱহাৰৰ ফলত অসমৰ কৃষিভূমিবোৰৰ উতপাদন ক্ষমতা হ্ৰাস পাইছে বুলিও তেওঁ কয়। বুলবুল দত্তই লগতে ভোট জলকীয়া খেতিৰ লাভজনক বজাৰৰ সন্দৰ্ভতো বহু কথা ব্যক্ত কৰে। শেহতীয়াকৈ ভোট জলকীয়াৰ খেতিতো মনোনিৱেশ কৰা খেতিয়ক দত্তই কয়- ৫বিঘা মাটিত ৩বছৰ ভোট জলকীয়া খেতি কৰিলে এখন বি এম ডব্লিউ কাৰ আপুনি সহজতে ঘৰলৈ আনিব পাৰিব। ভোট জলকীয়াৰ বজাৰ মূল্য বহু বেছি আৰু বজাৰ দখলৰ পৰিসৰো বহল। মাত্ৰ ৩০হাজাৰ টকা খৰচ কৰিলেই কৃষকে এই সুফল পাব বুলিও বুলবুল দত্তই কয়।

তলৰ লিংকত ক্লিক কৰি চাওক সবিশেষঃ-

https://www.facebook.com/nbnewstv/videos/928708902010860

এইখিনিতে জানি লও আহক ভোট জলকীয়াৰ খেতি আপুনি কেনেকৈ কৰিবঃ-

ভোট জলকীয়াৰ বাবে সহজে পানী নিষ্কাশন হ’ব পৰা বালিচহীয়া আৰু জৈৱিক পদাৰ্থসমৃদ্ধ মাটি নিৰ্বাচন কৰিব লাগে। মাটিৰ অম্লতাৰ পৰিমাণ ৫ৰ পৰা ৬.৫ হ’লে ভাল। আগতে যদি জলকীয়াৰ খেতি কৰোতে ৰোগ হৈছিল তেনে মাটিত পুনৰ জলকীয়া খেতি কৰিব নালাগে। ভোট জলকীয়াৰ খেতি কৰিবলৈ লোৱা মাটিডৰা ভালদৰে হাল বাই মৈয়াই স্মান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ পাছতেই পুলি ৰোপণ কৰিবলৈ প্ৰায় ২.৫ মিটাৰ বহল আৰু কৃষকৰ সুবিধাজনক দৈঘ্যৰ একোখন চিতা বনাই ল’ব লাগে। প্ৰতিখন চিতা ১৫ ছেঃ মিঃ ওখ হ’ব লাগে আৰু দুখন চিতাৰ মাজত ৫০ ছেঃ মিঃ ব্যৱধান ৰাখিব লাগে।

ভোট জলকীয়াৰ গুটি ছেপ্টেম্বৰ-অক্টোবৰ মাহত পচালে নৱেম্বৰ মাহত পুলি ৰোপণ কৰিব পৰা যায়। পুলিবোৰ ৰোৱাৰ আগতে ডাইথেন এম-৪৫ ঔষধৰ মিশ্ৰণত ১০ মিনিট ডুবাই ৰুব লাগে। ইয়াৰ বাবে ১০ লিটাৰ পানীত ডাইথেন এম-৪৫ ঔষধৰ ২৫ গ্ৰাম মিহলি কৰিব লাগে। ১ মিটাৰ অন্তৰে অন্তৰে পুলিবোৰ ৰুব লাগে। দুটা শাৰীৰ মাজত ৭৫ ছেঃ মিঃ ব্যৱধান ৰখা উচিত।

মাটি প্ৰস্তুতিৰ সময়ত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ যেনে- গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবিঘা মাটিত ৩৫ কিঃ গ্ৰাঃ ইউৰিয়া, ৫০ কিঃ গ্ৰাঃ একক ছুপাৰ ফছফেট আৰু ১২ কিঃ গ্ৰাঃ মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ আধাভাগ আৰু ছুপাৰ, পটাছ সাৰৰ আটাইকেইটা মাটিৰ শেষ প্ৰস্তুতিৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী ৰৈ যোৱা ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ পুলি ৰোৱাৰ ৬০ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে। গুৰিভাগত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সময় মতে বন-বাত আঁতৰাব লাগে। প্ৰয়োজন অনুযায়ী পানী দি থাকিব লাগে।

হোৱাইট ফ্লাই’ আৰু মোৱা পোকৰ আক্ৰমণ দেখা পালে ৰগৰ ১৫ মিলিলিটাৰ ১০ লিঃ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। বেমাৰৰ ভিতৰত পুলিবাৰীত হোৱা গুৰি পঁচা বেমাৰ, ফলধৰা অৱস্থাত লেৰেলি যোৱা, ফল পচা বেমাৰ আদিয়ে প্ৰধান। গুৰি পচা বেমাৰ ন’হবৰ বাবে বীজ শোধণ কৰিব লাগে। গছৰ পাতত আক্ৰমণ কৰিলে ০.২ শতাংশ কপাৰ অক্সিক্ল’ৰাইড ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ফল পৰা ৰোগ নিৰাময়ৰ বাবে ইন্দোফিল এম-৪৫ দৰৱ ২০ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। পাতবোৰত পোকে ধৰাৰ পাছত ‘মোজেইক’ ৰোগ হয় যিটো ভাইৰাছজনিত। এই ৰোগ নহ’বলৈ আগতীয়াকৈ কীটনাশক দৰৱ প্ৰয়োগ কৰিব লাগে আৰু আক্ৰান্ত পুলিবোৰ উঠাই পেলাব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…

বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি...

একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…

একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.