অপৰাধ নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে মহানগীৰত যোৱা দুটা দিনত সংঘটিত হৈছে দুটাকৈ গুলীচালনাৰ ঘটনা৷
দেওবাৰে মহানগীৰৰ বশিষ্ঠৰ পিলিংকটা অঞ্চলত এক দুৰ্বৃত্তই লোকে এজন যুৱকক গুলীয়াই আহত কৰাৰ পিছতে সোমবাৰেও মহানগৰীত সংঘটিত হৈছে অন্য এক গুলীচালনাৰ ঘটনা৷
সোমবাৰে নিশা মহানগৰীৰ মাজ মজিয়াতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে এগৰাকী ব্যৱসায়ীক৷ ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে নিশা প্ৰায় ৯ বজাত মহানগৰীৰ ছাত্ৰীবাৰী অঞ্চলত নিজ বাসগৃহৰ সন্মুখতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ওভতি অহি থকা অৱস্থাত ব্যৱসায়ী অৱদেশ যাদৱলৈ কোনো দুৰ্বৃত্তই গুলী চালনা কৰে৷
যাদৱ বুকুত গুলীয়ে আঘাত কৰাৰ পিছতে ততাতৈয়াকৈ সমীপৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে ব্যৱসায়ী যাদৱে মৃত্যুক আকোৱালি লয়৷
ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ প্ৰাথমিক তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ পৰা কিছু দূৰৈত আৰক্ষীয়ে এটা মোবাইল ফোন আৰু এখন বাজাজ পালচাৰ ১৫০ মটৰ চাইকেল উদ্ধাৰ কৰিছে ৷
আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে এ এছ ১৩ ডি ৪০৩৩৷ উক্ত মটৰ চাইকেলখন দৰঙৰ মহম্মদ মজিবুৰ ৰহমানৰ নামত পঞ্জীয়ন হৈ থকা বুলি প্ৰকাশ পাইছে৷
আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত এইদৰে হত্যা লুণ্ঠন ক্ৰমাৎ বৃদ্ধিয়ে মহানাগৰিকৰ জীৱনৰ নিৰাপত্তা যে নাই তাকেই প্ৰমাণ কৰিছে বুলি এতিয়া চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ