২০১৪ চনত লোকসভালৈ নিৰ্বাচিত হৈয়ে এক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বিজেপিৰ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী৷
২০১৪ চনত কেন্দ্ৰত ক্ষমতালৈ আহিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ স্মৃতি ইৰাণীক মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰি বৰ্তমানৰ শিক্ষা তথা তেতিয়াৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰিছিল৷
তেতিয়াই বিতৰ্কৰ আৱৰ্ত সোমাই পৰিছিল কেন্দ্ৰীয় স্মৃতি ইৰাণী৷ বিৰোধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অহৰ্তাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছিল৷
নিৰ্বাচন আয়োগত দাখিল কৰা শপনামাত উল্লেখ থকা শিক্ষাগত প্ৰমাণ পত্ৰৰ সৈতে তেওঁ উল্লেখ কৰা বিশ্ববিদ্যালয়ৰ পৰা কোনো ডিগ্ৰী লাভ কৰা নাছিল বুলি বিৰোধীয়ে অভিযোগ কৰিছিল৷
স্মৃতি ইৰাণীয়ে ইয়াৰ প্ৰমাণ দিবলৈ গৈও নিজে এক অনাহূত পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ অৱশেষত প্ৰাইভেটতকৈ ডিগ্ৰী লোৱা বুলি বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল স্মৃতি ইৰাণীসহ বিজেপি দল৷
তেতিয়া উত্থাপন হোৱা সেই অভিযোগ তথা বিতৰ্কৰ সত্যতা প্ৰমাণ নহ’লেও এতিয়া ৪৫ বছৰৰ বয়সত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লোৱা বুলি প্ৰকাশ পাইছে৷
মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি লিখিছে যে ২০২১ আৰু ২০২২ বৰ্ষত তেওঁ দুটা ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে৷
মহামাৰীয়ে কেৱল প্ৰত্যাহ্বান অনাই নাছিল, এই মহামাৰীয়ে অধ্যয়নৰ সুযোগও আনি দিয়া বুলি উল্লেখ কৰি স্মৃতি ইৰাণীয়ে লিখিছে যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ২০২১ বৰ্ষৰ নৱেম্বৰত অনলাইনৰ যোগেদি ইউ চি বাৰ্কেলি পাঠ্যক্ৰমৰ ডিগ্ৰী আৰু ২০২২ৰ ফেব্ৰুৱাৰিত বিজনেছ এনালাইটিকছ : ডিছিশ্যন মেকিং ইউছিং ডাটাৰ ডিগ্ৰীও লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ