প্ৰেমৰ গুঞ্জনত মুখৰিত বলিউদ৷ যোৱা কিছুদিন ধৰি মায়ানগৰীতে দক্ষিণৰ দুই চেলেব্ৰিটি ৰশ্মিকা আৰু বিজয়ৰ প্ৰেমৰ মধুৰ গুঞ্জনো ধ্বনিত হৈছে৷
এই প্ৰেমৰ ধ্বনিতে এইবাৰ যোগ হৈছে বলিউদৰ চুপাৰষ্টাৰ হৃতিক ৰোশনৰ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী যুৱতীৰ সৈতে হাতে হাতে ধৰি এখন ৰেষ্টুৰেণ্টৰ পৰা হৃতিক ৰোশনক ওলাই অহা দেখা গৈছিল৷ তেতিয়াই হৃতিক ৰোশনে পুনৰ প্ৰেমত পৰা বুলি খুব চৰ্চা লাভ কৰিছিল৷
এই চৰ্চাক এতিয়া অন্য এক মাত্ৰা প্ৰদান কৰিছে খোদ হৃতিক ৰোশনে৷ হৃতিক ৰোশনে সামাজিক মাধ্যমত নিজ পৰিয়ালৰ সৈতে উক্ত যুৱতী গৰাকী থকা ফ’টো শ্বেয়াৰ কৰাৰ পিছতে সংবাদ মাধ্যমে হৃতিকৰ নতুন প্ৰেমক নিশ্চিত কৰিছে৷
এতিয়া প্ৰশ্ন হ’ল কোন সেই যুৱতী? সেই যুৱতী গৰাকী আন কোনো নহয়, তেওঁ হ’ল সংগীত শিল্পী চাবা আজাদ৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দুয়োৰে মাজত টুইটাৰৰ যোগেদি ভাৱ বিনিময় হৈছিল৷ প্ৰথমাৱস্থাত টুইটাৰত প্ৰায় দমাহ পৰ্যন্ত তেওঁলোকে ডেটিং কৰিছিল ৷
উল্লেখ্য যে পত্নী চুজান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছৰে পৰা হৃতিক ৰোশচনে ছিংগল হৈ আছে বুলি জনা যায়৷
কিছুদিন পূৰ্বে চুজান খানে সৰু পৰ্দাৰ এগৰাকীৰ অভিনেতাৰ সৈতে অন্তৰংগ ফ’টো শ্বেয়াৰ কৰিছিল৷ সামাজিক মাধ্যমত চুজান খানৰ উক্ত ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছতে সম্পৰ্কত অহা বুলিও চৰ্চা লাভ কৰিছিল৷
তাৰ কিছুদিন পিছতে হৃতিক ৰোশনক হাতে হাতে ধৰি থকা অৱস্থাত এগৰাকীৰ ৰহস্যময়ী যুৱতীৰ সৈতে মুম্বাইৰ বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱাৰ লগে লগে অভিনেতাগৰাকীও কোনো যুৱতীৰে সম্পৰ্কত অহা বুলি চৰ্চা লাভ কৰিছিল৷ এতিয়া সৈই চৰ্চাই পুনৰ নতুন মাত্ৰা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ