কিছুদিন পূৰ্বে এটা গান গাই ৰাতিটো ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এজন বাদাম বিক্ৰী কৰা ফেৰীৱালা৷ গানটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে গানটো গোৱা কেচা বাদামৰ ফেৰীৱালাজন হৈ পৰিল চেলিব্ৰেটি৷
সেই ভাইৰেল হোৱা গানটো আছিল ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’৷ আৰু গানটো গাই ভাইৰেল হোৱা বাদাম ফেৰীৱালাজনৰ নাম হ’ল ভুবন বাদ্যকৰ৷ পশ্চিমবংগৰ বীৰভূম অঞ্চলত বাদাম বিক্ৰী কৰা এই ভুবনে এতিয়া ত্যাগ কৰিছে ফেৰীৱালাৰ জীৱন৷ কিন্তু কিয়?

আচলতে সেই গানটো ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰকষ্টাৰ হৈ পৰিছে ভুবন বাদ্যকৰ৷ তেওঁ এতিয়া বিভিন্ন অনুষ্ঠানত প্ৰফশ্যনেল গায়কৰ দৰেই গান গায়৷ সেইদৰে গান গাই ভুবন বাদ্যকৰে উপীৰ্জন কৰে ধন৷ ইয়াৰ পূৰ্বে তেওঁ বাদাম বিক্ৰী কৰি দৈনিক ২৫০ ৰপৰা ৩০০ টকা উপাৰ্জন কৰিছিল৷
এই ভুবন বাদ্যকৰে এতিয়া ফাইভ ষ্টাৰ হোটেলটো সংগীত পৰিৱেশন কৰে৷ অৰ্থাৎ ফাইভ ষ্টাৰ হোটেলত ভুবন বাদ্যকৰে সংগীত পৰিৱেশন কৰি ধন উপাৰ্জন কৰে৷ বিভিন্ন নাইট ক্লাৱত ভুবন বাদ্যকৰৰ গানত এতিয়া যুৱক-যুৱতীয়ে উদ্দাম নৃত্য কৰি যৌৱন উপভোগ কৰে৷
ইফালে ভাইৰেল হোৱা গানটোৰ বাবে ইউটিউবত আপলোড কোৱা মিউজিক কোম্পানীটোৱে ভুবন বাদ্যকৰক ৩ লাখ টকাৰ ৰ’য়েলিটিও দিছে৷ দৰ্শক তথা মানুহৰ এই আদৰ স্নেহ তথা মৰম পাই অভিভূত হৈ পৰা ভুবন বাদ্যকৰক এতিয়া চুবুৰীয়াই বাদাম বিক্ৰী কৰিবলৈ হাক দিছে৷
ইফালে ভুবন বাদ্যকৰে নিজেও অনুভৱ কৰিছে এতিয়া বাদাম বিক্ৰী কৰাতো তেওঁৰ বাবে লজ্জানক কাম৷ কাৰণ বাদাম বিক্ৰী কৰিলে মানুহে তেওঁক এতিয়া ঠাট্টা কৰিব, হাঁহিব৷
ভুবন বাদ্যকৰে এজন শিল্পী হ’ব বিচাৰে৷ চেলিব্ৰিটি হ’ব বিচাৰে ভুবন বাদ্যকৰে৷ সেয়ে ভুবন বাদ্যকৰে এতিয়া কাচা বাদাম আৰু বিক্ৰী নকৰে৷
উল্লেখ্য যে ৰাণু মণ্ডলৰ পিছত ইণ্টাৰনেটে আৱিষ্কাৰ কৰা প্ৰতিভা হ’ল ভুবন বাদ্যকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ