নাম গ্ৰাহাম৷ সম্পূৰ্ণভাৱে ক’বলৈ গ’লে হ’ল মীট গ্ৰাহাম৷ এই মীট গ্ৰাহাম প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰেজক্ট গ্ৰাহাম৷
এতিয়া প্ৰশ্ন, হ’ল কি এই গ্ৰাহাম? কোন এই গ্ৰাহাম? কিয় দুৰ্ঘটনাটো মৃত্যু নহয় গ্ৰাহামৰ? কেনেকৈ ৰক্ষা পৰে গ্ৰাহামে?
এই গ্ৰাহাম হৈছে পথ দুৰ্ঘটনাটো বাছি থাকিব পৰা এজন মানৱ! যিটোক ডিজাইন আৰু অস্ত্ৰোপচাৰ কৰি প্ৰস্তুত কৰিছে চিকিৎসকসহ শিল্পীৰ এটা দলে৷
২০১৬ চনত আৰম্ভ কৰাএই প্ৰকল্পটোত জড়িত আছে প্ৰধানত তিনিগৰাকী ব্যক্তি৷ তেওঁলোক হৈছে অষ্ট্ৰেলিয়াৰ মেল’বৰ্ণৰ শিল্পী পাট্ৰিকিয়া পিক্কিনিনি, ট্ৰিউমাৰ চাৰ্জন ডাঃ খ্ৰিষ্টিয়ান কেনফিল্ড ম’ণাছ ইউনিভাৰ্ছিটি এক্সিডেন্ট ৰিচাৰ্ছ চেণ্টাৰৰ দুৰ্ঘটনা বিশেষজ্ঞ ডাঃ ডেভিদ ল’গান৷
এই সম্পূৰ্ণ প্ৰকল্পটোৰ বাবে ব্যয় হৈছিল ১৪৯,০০০ৰ পৰা ২০০,০০০ অষ্ট্ৰেলিয়ান ড’লাৰ৷ ২০১৬ চনত ৮ আগষ্টত ষ্টেট লাইবেৰী অৱ ভেক্টোৰিয়াত মীট গ্ৰাহাম প্ৰকল্পৰ এই আৰ্হিটো প্ৰদৰ্শন কৰা হৈছিল৷ আৰু প্ৰায় ডেৰটা বছৰৰ অন্তত ২০১৮ চনৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো সফলতাৰে সম্পন্ন কৰা হৈছিল৷
‘ৰাজহুৱা সুৰক্ষা’ অভিযান ‘‘টুৱাৰ্ড জিৰ’’ৰ অংশ এই ডিজাইনটোৱে ২০১৭ চনৰ বীজলে ডিজাইন অৱ দ্য ইয়েৰত মনোনীত হৈ ইয়াৰ খিতাপো লাভ কৰিছিল৷
এতিয়া আহো কি আছিল এই প্ৰজেক্ট গ্ৰাহাম? এই প্ৰজেক্ট গ্ৰাহাম হৈছে দুৰ্ঘটনাটো প্ৰাণৰক্ষা পোৱা এটা শাৰীৰিক অৱয়ৱ৷ যিটোক দুৰ্ঘটনা বিশেষজ্ঞ ডাঃ বেভিদ ল’গানৰ গৱেষণা, শিল্পী পাট্ৰিকিয়াৰ আৰ্হি প্ৰস্তুত আৰু চাৰ্জন ডাঃ কেনফিল্ডে অস্ত্ৰোপচাৰ সম্পন্ন কৰি সম্পূৰ্ণ কৰি তুলিছিল৷
প্ৰকল্পটোৰ দ্বাৰা দুৰ্ঘটনাগ্ৰস্ত মানুহে আটাইতকৈ আঘাতপ্ৰাপ্ত হোৱা তথা আঘাত লাভ কৰি মৃত্যু মুখত পৰা অংশসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা বিভিন্ন কোষ সংলগ্ন কৰি গ্ৰাহামক প্ৰস্তুত কৰা হৈছিল৷ যাৰ দ্বাৰা যিকোনো ভয়ংকৰ দুৰ্ঘনাটোত গ্ৰাহামৰ মৃত্যু নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ