কৰ্মব্যস্তময় জীৱনত ভুল খাদ্যভাষ, শৰীৰচৰ্চাত অনিয়মসহ একাধিক কাৰণত কম বয়সতেই শৰীৰত বাঁহ বান্ধে বিভিন্ন অসুখে৷ প্ৰভাৱ পৰে যৌন জীৱনতো৷ অকালতেই কমিব ধৰে শুক্ৰাণু আৰু ডিম্বানুৰ পৰিমাণ আৰু গুণমান৷ ক্ৰমশ কমিছে প্ৰজনন ক্ষমতা৷ আৰু এই সমস্যাৰ সমাধানৰ বাবে বিভিন্নজনে বিভিন্ন ঔষধৰ সহায়ো লয়৷ তাৰ ভিতৰত তেনে এবিধ ঔষধ হৈছে শিলাজিৎ৷ গাখীৰৰ সৈতে বহুতেই এই শিলাজিৎ গ্ৰহণ কৰে৷ এই ভেষজে পুৰুষৰ যৌন সমস্যা দূৰীকৰণত সহায় কৰে৷ ইয়াৰোপৰি শিলাজিতৰ প্ৰভাৱত মানসিক স্বাস্থ্যও উন্নীত হয় আৰু পেশীৰ হাঁড় শক্তিশালী হয়৷
কেনেকৈ খাব?
নিশা টোপনি যোৱাৰ পূৰ্বে গাখীৰৰ সৈতে মিহলাই পান কৰক শিলাজিৎ৷ এক গ্লাছ গাখীৰত একৰ পৰা দুই গ্ৰাম শিলাজিৎ মিহলাই খালেই হয়৷ তেতিয়াই একাধিক সমস্যাৰ সমাধান হব৷ আয়ুৰ্বেদ মতে হিমালয়ৰ শিলৰ পৰা নিষ্কাশিত এক কলা ৰঙৰ আঠা জাতীয় পদাৰ্থ হৈছে শিলাজিৎ৷ যি বিভিন্ন স্বাস্থ্য সংক্ৰান্তিয় সমস্যাত ব্যৱহৃত হয়৷ শিলাজিৎ খালে পুৰুষৰ প্ৰজনন অংগ শক্তিশালী হয় আৰু যৌন শক্তিও বৃদ্ধি পায়৷ শিলাজিতে শাৰীৰিক ষ্টেমিনা বৃদ্ধি কৰে আৰু ক্লান্তি বা দুৰ্বলতা দূৰ কৰে৷ পুৰুষৰ টেষ্টোষ্টেৰন হৰমনৰ মাত্ৰা বঢ়োৱাতো শিলাজিতৰ ভূমিকা আছে৷ নিয়মিত এই পানী পান কৰিলে বন্ধাত্ব্যৰ সমস্যাও সমাধান হয়৷
শিলাজিৎ কিমান পৰিমানে খোৱাটো উচিত সেয়া জনাও জৰুৰী৷ কাৰণ যদি বেছি পৰিমাণে গ্ৰহণ কৰা হয় তেতিয়া ই উপকাৰৰ পৰিবৰ্তে ক্ষতি কৰিব পাৰে ইয়াৰ সৈতে মূত্ৰতন্ত্ৰৰ সৈতে সম্পৰ্কিত কোনো সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লৈহে শিলাজিৎ খাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















