নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি ৪বজালৈকে ৱায়ানাড লোকসভা সমষ্টিত বৰ্তমান কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৪,১০,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷
নিৰ্বাচনী যুঁজত অভিষেক ঘটা প্ৰিয়ংকাই সাধাৰণ নিৰ্বাচনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এনি ৰাজাক ৩.৬ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে৷ ভাতৃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীতকৈও অধিক ব্যৱধানত এই আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা৷ ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনলৈকে এই আসনখনক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে৷
মুঠ ৬,২২,৩৩৮টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ভাদ্ৰাই৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী সত্যন মোকেৰীয়ে ৪,১০,৯৩১ টা ভোটত পিছপৰি আছিল। মোকেৰী এগৰাকী প্ৰাক্তন বিধায়ক যিয়ে ১৯৮৭ চনৰ পৰা ২০০১ চনৰ ভিতৰত তিনিটা কাৰ্যকালৰ বাবে নাদাপুৰম বিধানসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰিছিল৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাড আৰু ৰায়েবৰেলী আসন লাভ কৰিছিল যদিও জনপ্ৰতিনিধিত্ব আইন অনুসৰি মাত্ৰ এটা সমষ্টিহে ধৰি ৰাখিব লগা হৈছিল ৰাহুলে৷
ৰাহুল গান্ধীয়ে লোকসভাত ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লোৱাৰ পিছতে ৱায়ানাডৰ উপ-নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছিল। ৰায়েবৰেলী নিৰ্বাচনত ৰাহুলে ভাৰতীয় জনতা পাৰ্টিৰ দীনেশ প্ৰতাপ সিঙক ৩.৯ লাখ ভোটত পৰাস্ত কৰিছিল।তাৰপিছতেই কংগ্ৰেছে জুন মাহত ঘোষণা কৰিছিল যে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বাই-প’লত প্ৰতিদ্বন্দ্বিতা কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ