কথাই কথাই তেওঁ কয়, ‘এক নম্বৰ৷ অথচ নিৰ্বচনী যুঁজত নামি শেষৰফালেৰেহে এক নম্বৰ হ’বলৈ সক্ষম হ’ল৷ নিৰ্বাচনী যুঁজত নামি নাকনি কাননি খাইছে প্ৰাক্তন বিগ বছ প্ৰতিযোগী এজাজ খানে৷ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ৫৬লাখতকৈ বেছি৷ ফেন পেজতো আছে কেইবা লাভ ফলৱাৰ্ছ৷ অথচ মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি লাজলগা ভোট পাইছে এজাজ খানে৷ এজাজে এই নিৰ্বাচনত লাভ কৰিছে ১০৩ টা ভোট৷ ইয়াৰ মাজতে এজাজৰ পৰিয়ালৰ সংখ্যাই ৭০তকৈ অধিক৷
নিৰ্বাচন কমিছনৰ ৱেবচাইট অনুসৰি ভাৰছোভা আসনত ৪৬,৬১৯ভোট লাভ কৰি আগুৱাইছে শিৱসেনা ইউবিটি প্ৰাৰ্থী হাৰুণ খান৷ ভাৰছোভা আসনত ৭৪৭জন ভোটাৰে নোটা বাচি লোৱাৰ বিপৰীতে এজাজে পাইছে মাত্ৰ ১০৩টা ভোট৷ এই কেন্দ্ৰত ভোট পাইছে ৫১.২ শতাংশ৷
৫.৬ মিলিয়নতকৈ বেছি ইনষ্টাগ্ৰাম ফলৱাৰ্ছ থকা সামাজিক মাধ্যমত নিজকে ষ্টাৰ বুলি কোৱা এজাজে ১০৩টা ভোট পোৱাৰ পাছতেই সামাজিক মাধ্যমত এতিয়া মিমৰ বন্যা৷ চলিছে ঠাট্টা মস্কৰাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ