পুৱাই অসমবাসীৰ বাবে আহিছে ডাঙৰ খবৰ। অৱশেষত গুৱাহাটীৰ বৰা চাৰ্ভিছৰ হোটেল বিলাস ইনত ন ৰসংহাৰ চলোৱা মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈৰ মৃত্যু। পুৱতি নিশা শিৱসাগৰৰ জাঁজীৰ ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত নিহত হয় ঘনকান্ত গগৈ। নিজৰ বুদ্ধিৰে পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীয়ে বুকু ভেদে ঘনকান্ত গগৈৰ।

তথ্য অনুসৰি, পুৱতি নিশা প্ৰায় ৩.১০ বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈয়ে আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা চলায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলী ঘনকান্ত গগৈৰ বুকুত লাগে। ফলত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হয়।
ঘনকান্তই এজাই দুজাঁই নহয় ৩ জাঁইকৈ গুলী চলাইছিল আৰক্ষীলৈ। তেতিয়া আত্মৰক্ষাৰ বাবে লগে লগে আৰক্ষীয়ে গুলী চালনা কৰে ঘনকান্তলৈ। নিজৰ চালাকিৰ বাবে প্ৰাণ হেৰুৱালে ঘনকান্তই। প্ৰস্ৰাৱ লাগিছে বুলি গাড়ী ৰখাই আৰক্ষীলৈ ৩ জাঁই গুলী চলাইছিল ঘনকান্তই। এনেকৈয়ে আৰক্ষীৰ বন্দুকৰ গুলীয়ে বুকু ভেদি যায় ঘনকান্তক। আৰক্ষীৰ গুলী ঘনকান্ত গগৈৰ বুকুত লাগে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।
(এই তথ্য যুুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















