হোটেল বিলাস ইন কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু। আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত নিহত হয় ঘনকান্ত গগৈ। পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰৰ জাঁজীৰ ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈয়ে আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা চলায়। ঘনকান্তই এজাই দুজাঁই নহয় ৩ জাঁইকৈ গুলী চলাইছিল আৰক্ষীলৈ। তেতিয়া আত্মৰক্ষাৰ বাবে লগে লগে আৰক্ষীয়ে গুলী চালনা কৰে ঘনকান্তলৈ। নিজে চালাকি কৰি প্ৰাণ হেৰুৱালে ঘনকান্তই। পেচাব কৰিব লাগিছে বুলি গাড়ী ৰখাই আৰক্ষীলৈ ৩ জাঁই গুলী চলাইছিল ঘনকান্তই। এনেকৈয়ে আৰক্ষীৰ বন্দুকৰ গুলীয়ে বুকু ভেদি যায় ঘনকান্তক। আৰক্ষীৰ গুলী ঘনকান্ত গগৈৰ বুকুত লাগে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। এই ঘটনাত আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হয়। নিশাৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে কালি গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত চাঞ্চল্যকৰ গুলীচালনা আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক জে’ললৈ প্ৰেৰণ কৰা হৈছে। ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছতে আজি কামৰূপ মহানগৰ জিলাৰ CJM আদালতে অভিযুক্ত ঘনকান্ত গগৈক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। কিন্তু গুৱাহাটীৰ জে’লৰ পৰাই নিশা আন এটা গোচৰত ঘনকান্তক গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ আৰক্ষীয়ে। আৰক্ষীয়ে শিৱসাগৰলৈ লৈ গৈ থকা অৱস্থাত প্ৰস্ৰাৱ কৰিব বিচাৰিছিল ঘনকান্তই, তাতেই নিজ কাণ্ডৰ ফল পালে ঘনকান্তই।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















