আজিৰ ৰাশিফল, ৪ নৱেম্বৰ ২০২৬: আজিৰ দিনটো বুধবাৰ। জ্যোতিষীয় গণনা অনুসৰি, আজিৰ দিনটোত কোনো কোনো ৰাশিৰ জাতক-জাতিকাৰ কৰ্মক্ষেত্ৰত সফলতা, আৰ্থিক উন্নতি আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা আছে। আনহাতে, কিছুমান ৰাশিৰ লোকৰ বাবে দিনটো কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। প্ৰেম, চাকৰি, ব্যৱসায়, ধন-সম্পত্তি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কেনে যাব? জানো আহক ১২টা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল।
মেষ ৰাশি (Aries)- আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা
মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন হ’ব, যিয়ে ভৱিষ্যতে উন্নতিৰ পথ মুকলি কৰিব পাৰে। ব্যৱসায়ত পূৰ্বৰ লোকচানৰ পৰা কিছু পৰিমাণে উদ্ধাৰ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে বিবাহৰ সিদ্ধান্ত ল’ব পাৰে।
চাকৰি: নতুন সুযোগ লাভৰ সম্ভাৱনা।
ব্যৱসায়: লাভৰ দিশত অগ্ৰগতি।
প্ৰেম: সম্পৰ্কত নতুন অধ্যায়ৰ সূচনা।
স্বাস্থ্য: মানসিক চাপৰ পৰা আঁতৰি থাকক।
বৃষ ৰাশি (Taurus)- কৰ্মক্ষেত্ৰত সাফল্যৰ যোগ
বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ইতিবাচক হ’ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতি অথবা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাব। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে।
চাকৰি: পদোন্নতিৰ সম্ভাৱনা।
ব্যৱসায়: পৰিকল্পনাৰে আগবাঢ়িলে লাভ।
প্ৰেম: সম্পৰ্কত বুজাবুজি বৃদ্ধি।
স্বাস্থ্য: সুস্থ থাকিবলৈ নিয়মিত ব্যায়াম কৰক।
মিথুন ৰাশি (Gemini)- সাৱধানতা অৱলম্বন কৰক
মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো কিছু হতাশাজনক হ’ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ গতি মন্থৰ হোৱাৰ সম্ভাৱনা আছে। কিছুমান পৰিকল্পনা সম্পূৰ্ণ কৰাত বাধাৰ সৃষ্টি হ’ব পাৰে। খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে।
চাকৰি: কামত মনোযোগ দিয়ক।
ব্যৱসায়: নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক।
প্ৰেম: ভুল বুজাবুজি দূৰ কৰিবলৈ কথা পাতক।
স্বাস্থ্য: ভাগৰ আৰু মানসিক চাপৰ প্ৰতি সচেতন হওক।
কৰ্কট ৰাশি (Cancer)- সুখবৰ লাভৰ সম্ভাৱনা
কর্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শুভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক উন্নত হ’ব পাৰে। নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে থকা পুৰণি মতানৈক্য দূৰ হ’ব পাৰে।
চাকৰি: পদোন্নতিৰ সম্ভাৱনা।
ব্যৱসায়: নতুন সুযোগ লাভ কৰিব পাৰে।
প্ৰেম: সম্পৰ্কত সুখ আৰু শান্তি।
স্বাস্থ্য: স্বাস্থ্যৰ উন্নতিৰ সম্ভাৱনা।
সিংহ ৰাশি (Leo)- আত্মবিশ্বাসেৰে আগবাঢ়ক
সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শক্তি আৰু উৎসাহেৰে ভৰা হ’ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ পোৱাৰ সম্ভাৱনা আছে। আইনী বিষয়ত ইতিবাচক ফলাফল লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব।
চাকৰি: সফলতা লাভৰ সম্ভাৱনা।
ব্যৱসায়: লাভজনক পৰিকল্পনা গ্ৰহণ কৰিব পাৰে।
প্ৰেম: সম্পৰ্কত মধুৰতা বৃদ্ধি।
স্বাস্থ্য: শৰীৰ আৰু মন দুয়োটাই ভালে ৰাখক।
কন্যা ৰাশি (Virgo)- আৰ্থিক সিদ্ধান্তত সাৱধান হওক
কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিয়াল আৰু সন্তানৰ বিষয়ত ব্যস্ততাপূৰ্ণ হ’ব পাৰে। সন্তানৰ শিক্ষা বা কেৰিয়াৰ সম্পৰ্কে সুখবৰ লাভ কৰিব পাৰে। কিন্তু প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰাটো অত্যন্ত প্ৰয়োজনীয়। বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকক।
চাকৰি: কামৰ চাপ বৃদ্ধি পাব পাৰে।
ব্যৱসায়: ৰিস্কযুক্ত বিনিয়োগ নকৰিব।
প্ৰেম: ধৈৰ্য আৰু বুজাবুজি বজাই ৰাখক।
স্বাস্থ্য: যোগাসন আৰু ধ্যান কৰক।
তুলা ৰাশি (Libra)- সিদ্ধান্ত গ্ৰহণত সতৰ্কতা প্ৰয়োজন
তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো কিছু হতাশাজনক হ’ব পাৰে। কঠোৰ পৰিশ্ৰমৰ পিছতো আশা কৰা ফলাফল লাভ নকৰিব পাৰে। কোনো চুক্তি বা গুৰুত্বপূৰ্ণ নথি-পত্ৰত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। কৰ্মব্যস্ততাৰ বাবে পাৰিবাৰিক সময়ত প্ৰভাৱ পৰিব পাৰে।
চাকৰি: ধৈৰ্য ধৰি কাম কৰক।
ব্যৱসায়: নথি-পত্ৰ পৰীক্ষা কৰি সিদ্ধান্ত লওক।
প্ৰেম: পৰিয়ালক সময় দিয়ক।
স্বাস্থ্য: মানসিক শান্তি বজাই ৰাখক।
বৃশ্চিক ৰাশি (Scorpio)- সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত উন্নতি
বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ইতিবাচক হ’ব পাৰে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে থকা পুৰণি বিবাদ সমাধান হ’ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰি জটিল কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব।
চাকৰি: সহকৰ্মীৰ সহযোগিতা লাভ।
ব্যৱসায়: নতুন যোগাযোগৰ পৰা লাভ।
প্ৰেম: সম্পৰ্কত বুজাবুজি বৃদ্ধি।
স্বাস্থ্য: সুস্থ থাকিবলৈ বিশ্ৰাম লওক।
ধনু ৰাশি (Sagittarius)- ব্যৱসায়ত লাভৰ সম্ভাৱনা
ধনু ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো ব্যৱসায়িক দিশৰ পৰা আশাব্যঞ্জক হ’ব পাৰে। পাৰিবাৰিক ব্যৱসায়ত নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ঘৰ সজোৱা বা সৌন্দৰ্যবৰ্ধনৰ বাবে ধন ব্যয় কৰাৰ সম্ভাৱনা আছে।
চাকৰি: নতুন দায়িত্ব লাভ কৰিব পাৰে।
ব্যৱসায়: লাভজনক পৰিকল্পনা গ্ৰহণ কৰক।
প্ৰেম: পৰিয়ালৰ সৈতে সুখৰ সময়।
স্বাস্থ্য: দাঁত আৰু ছালৰ যত্ন লওক।
মকৰ ৰাশি (Capricorn)- ভাগ্য আৰু আত্মবিশ্বাসে দিব সংগ
মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আনন্দ আৰু ইতিবাচকতাৰে ভৰা হ’ব পাৰে। কঠিন সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে পঢ়া-শুনাত মনোযোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
চাকৰি: কাম সময়মতে সম্পূৰ্ণ হ’ব পাৰে।
ব্যৱসায়: লাভৰ সম্ভাৱনা।
প্ৰেম: সম্পৰ্কত সুখ আৰু শান্তি।
স্বাস্থ্য: খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক।
কুম্ভ ৰাশি (Aquarius)- আৰ্থিক ক্ষেত্ৰত সাৱধান হওক
কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো কিছু চিন্তাজনক হ’ব পাৰে। নিদ্ৰাহীনতা বা শক্তিৰ অভাৱে দৈনন্দিন কামত প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। আনৰ প্ৰলোভনমূলক পৰিকল্পনাত সহজে বিশ্বাস নকৰিব।
চাকৰি: কামত মনোযোগ বজাই ৰাখক।
ব্যৱসায়: আৰ্থিক লেনদেনত সাৱধান হওক।
প্ৰেম: সম্পৰ্কত ধৈৰ্য ধৰক।
স্বাস্থ্য: পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম লওক।
মীন ৰাশি (Pisces)- আৰ্থিক উন্নতিৰ সম্ভাৱনা
মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ বিনিয়োগৰ পৰা লাভ লাভ কৰিব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে আৰু উপাৰ্জনৰ নতুন উৎসৰ সন্ধান পাব পাৰে। পুৰণি বাধা-বিঘিনি আঁতৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰতো সুখবৰ লাভ কৰিব পাৰে।
চাকৰি: সফলতা লাভৰ সম্ভাৱনা।
ব্যৱসায়: নতুন উপাৰ্জনৰ পথ মুকলি হ’ব পাৰে।
প্ৰেম: সন্তান বা পৰিয়ালক লৈ সুখবৰ।
স্বাস্থ্য: সুস্থতা বজাই ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















