জ্যোতিষশাস্ত্ৰত ব্যাতিপত যোগক অত্যন্ত শক্তিশালী যোগ হিচাপে বিবেচনা কৰা হয়৷ জ্যোতিষ অংকই কৈছে চলিত বছৰৰ ১৩ জানুৱাৰীত তৈয়াৰ হৈছিল বিশেষ এক ব্যাতিপত যোগ৷ আকৌ এবাৰ দ্বিতীয় মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখে ব্যাতিপত যোগ তৈয়াৰ কৰিব সূৰ্য আৰু চন্দ্ৰই৷ যাৰ প্ৰভাৱ পৰিব মূলত ৫ ৰাশিৰ জাতকৰ জীৱনত৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই যোগে আত্মবিশ্বাস বৃদ্ধি কৰিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা যিকোনো কাম এই সময়ৰ ভিতৰত সম্পন্ন হব পাৰে৷ বিনিয়োগ সম্পৰ্কিত বিষয়ত অপ্ৰত্যাশিত লাভৰ ইংগিত আছে৷ আপোনাৰ সামাজিক প্ৰভাৱ বৃদ্ধি পাব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে ব্যাতিপত যোগে কৰ্মক্ষেত্ৰত এনে সুযোগ আনি দিব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে৷ আপোনাৰ কমিউনিকেছন স্কিলে অন্যসকলক প্ৰভাৱিত কৰিব৷ ব্যৱসায় থাকিলে সেই দক্ষতাৰ প্ৰভাৱ আপুনি পাব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ শক্তিশালী হব৷
সিংহ ৰাশি
ব্যাতিপত যোগৰ প্ৰধান কাৰক সূৰ্য৷ সিংহ ৰাশিৰ অধিপতি সূৰ্য৷ এই সময়ত সিংহ ৰাশিৰ জাতকৰ বাবে স্বৰ্ণযুগ৷ কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব৷ পৈতৃক সম্পত্তি সম্পৰ্কিত বিৰোধৰ সমাধান হব পাৰে৷ ৰাজনীতি বা সামাজিক কামত জড়িতসকলে প্ৰচুৰ খ্যাতি অৰ্জন কৰিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই সংযোগে আৰাম আৰু বিলাসিতা বৃদ্ধি কৰিব৷ পাৰিবাৰিক জীৱনত চলমান উত্তেজনাৰ অৱসান ঘটিব৷ মাটি বা বাহন কিনাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীৰ বৈদেশিক বাণিজ্য উল্লেখযোগ্য লাভ কৰিব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে ব্যাতিপত যোগে সৌভাগ্য কঢ়িয়াই আনিব৷ দুৰ ভ্ৰমণ ফলপ্ৰসূ হ’ব৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে৷ আপুনি মানসিক শান্তি অনুভৱ কৰিব৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















