অসম লাইভ ২৪ঃ কেবিনেট বৈঠকত শিক্ষাখণ্ডক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত-
🔹 শিক্ষাৰ অধিকাৰ আইন ২০০৯-ৰ অধীনত ছাত্ৰ-ছাত্ৰীক ফেইল কৰাব নোৱাৰি।
🔹 এতিয়াৰে পৰা নিয়মীয়াভাৱে অনুষ্ঠিত হ’ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ১ বছৰীয়া পৰীক্ষা।
🔹 বছৰেকীয়া পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ২ মাহৰ পাছত আকৌ দিব লাগিব বিশেষ পৰীক্ষা।
🔹 এই পৰীক্ষাত যাতে ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে থাকিব বিশেষ পাঠদানৰ ব্যৱস্থা।
🔹 যদি ২ মাহৰ পাছত অনুষ্ঠিত পৰীক্ষাতো উত্তীৰ্ণ নহয় তেন্তে ওপৰ শ্ৰেণীলৈ পঠিওৱা নহ’ব।
🔹 পুনৰ এবছৰ একে ক্লাছতেই পঢ়ি দ্বিতীয় বছৰতহে দিব পাৰিব পৰীক্ষা।
🔹 ১১৪২-খন অভাৰলেপিং হৈ থকা বিদ্যালয়ৰ দুৰ কৰা হ’ব সমস্যা।
🔹 দুখন জিলাৰ মাজত খেলিমেলি হৈ থকা এনে সমস্যা সমাধান নহ’ব।
🔹 ৰাজ্যৰ ১২ খন জিলাৰ ১১৪২ খন বিদ্যালয়ত আছিল এই সমস্যা।
🔹 ব্ৰিটিছ ঔপনিৱেশিক শব্দবোৰ ব্যৱহাৰ কৰিব পাৰিব বুলিও কেবিনেটত সিদ্ধান্ত।
🔹 প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰৰ ১২.৩ কঠা ১৮ লেচা এলেকা ক্ৰয় কৰিব অসম চৰকাৰে।
🔹 প্ৰতিমা বৰুৱাৰ সোঁৱৰণত এই হাৱাখানাটো ১৫ কোটি ২০ লাখ টকাত ক্ৰয় কৰিব চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ