আমাৰ চৌপাশে পোৱা বিভিন্ন ফল-মূলে আমাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আমি খোৱা প্ৰতিবিধ খাদ্যত মানৱ শৰীৰত প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান পোৱা যায়। আজি আলোচনা কৰিম বহু উপকাৰী গুণেৰে সমৃদ্ধ তেতেলীৰ কথা। তেতেলীত ভিটামিন চি, পটাছিয়াম, আৰু মেগনেছিয়াম পোৱা যায়। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও, তেতেলীয়ে শৰীৰৰ চৰ্বী হ্ৰাস কৰা, বাত ৰোগ উপশম কৰা, আৰু গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী বুলি ধৰা হয়। তেতেলী খোৱাৰ ফলত হজম শক্তি উন্নত হোৱাৰ লগতে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰোপৰি ই হৃদযন্ত্ৰৰ বাবে আৰু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।
আপুনি জানে যে, প্ৰতিটো খাদ্যই শৰীৰত বেলেগ বেলেগ প্ৰভাৱ পেলায়। কিছুমান খাদ্যই পুৰুষক আনন্দ দিয়াৰ লগতে কামনা বৃদ্ধি কৰিব পাৰে। আন কিছুমান খাদ্যই কামনা দমন কৰাত সহায় কৰে। এইক্ষেত্ৰত তেতেলী আৰু ইয়াৰ বীজে সহায় কৰিব পাৰে আপোনাক।
তেতেলী আৰু ইয়াৰ বীজত প্ৰাকৃতিকভাৱে পুষ্টিকৰ উপাদান থাকে যিয়ে সামগ্ৰিক স্বাস্থ্য আৰু সজীৱতা বৃদ্ধি কৰাত সহায় কৰে। যুগ যুগ ধৰি চলি অহা বিশ্বাসৰ বিপৰীতে তেতেলীৰ আৰু ইয়াৰ গুটিত ভিটামিন আৰু খনিজ পদাৰ্থ যেনে মেগনেছিয়াম আৰু ভিটামিন বি ৬ প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ মহিলাৰ উৰ্বৰতা আৰু যৌন শক্তিৰ বাবে অতি উপকাৰী।
তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে পুৰুষৰ বীৰ্যৰ গুণাগুণ আৰু শুক্ৰাণু উন্নত কৰাত সহায় কৰে। কেইবাটাও গৱেষণাৰ মতে খাদ্যত ভিটামিন চি অন্তৰ্ভুক্ত কৰিলে অণ্ডকোষৰ ভিতৰত শুক্ৰাণুৰ মৃত্যু ৰোধ কৰাত সহায় কৰে আৰু পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰে।
(অস্বীকাৰঃ এই তথ্য মাথোঁ সাধাৰণ জ্ঞানৰ বাবে, ইয়াত উল্লেখ কৰা তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। এই টিপচৰ সৈতে Asom Live 24 কোনোধৰণে জড়িত নহয়।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















