চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালখবৰ৷ মেডিকেল কলেজসমূহত বৃদ্ধি কৰা হ’ব আসনৰ সংখ্যা৷ আগন্তুক বছৰৰ মাজত দেশব্যাপী ১০ হাজাৰ আসন বৃদ্ধি হ’ব মেডিকেল কলেজসমূহত৷ শনিবাৰে বাজেট বক্তৃতাত এই কথা জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ আগন্তুক ৫ বছৰত মেডিকেলত ৭৫ হাজাৰ আসনবৃদ্ধিৰ লক্ষ্য ৰাখিছে কেন্দ্ৰই৷ ইয়াৰোপৰি দেশৰ প্ৰতিখন জিলাত কৰ্কট ৰোগীসকলৰ বাবে চিকিৎসাকেন্দ্ৰ খোলা হ’ব বুলিও জনাইছে তেওঁ৷ বাজেট উত্থাপনৰ সময়ত নিৰ্মলা সীতাৰমণে জনাই যে আগন্তুক তিনি বছৰত ২০০খন ডে কেয়াৰ কৰ্কট চেণ্টাৰ নিৰ্মিত হ’ব দেশত৷
এই বছৰৰ কেন্দ্ৰীয় বাজেটত ঔষধৰ দাম কমিব নেকি? এই বিষয়টো জানিবলৈ আগ্ৰহী আছিল দেশবাসী৷ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ সেই আশংকা কিছু পৰিমাণে হ’লেও পূৰণৰ সম্ভাৱনা দেখুৱালে নিৰ্মলা সীতাৰমণে দাঙি ধৰা বাজেট ২০২৫-২০২৬য়ে৷ কৰ্কটসহ দুৰাৰোগ্য ৰোগৰ বাবে ব্যৱহৃত ৩৬ বিধ জীৱনদায়ী ঔষধৰ ওপৰৰ পৰা শুল্ক উঠাই লোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷ ইয়াৰোপৰি ৬বিধ জীৱনদায়ী ঔষধৰ ওপৰত শুল্ক ৫শতাংশ কমাই দিয়াৰো সিদ্ধান্ত লোৱা হৈছে এইবাৰৰ বাজেটত৷ নিৰ্মলাই জনাই যে কৰ্কট আক্ৰান্ত ৰোগীসকলৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লৈছে কেন্দ্ৰই৷
বিগত ৩ বছৰত মেডিকেল কলেজসমূহত ১লাখৰ বেছি আসন বৃদ্ধি কৰিছে কেন্দ্রি৷ আগন্তুক বছৰত সেয়া আৰু ১৩০শতাংশ বৰ্ধিত কৰি ১০ হাজাৰ আসনযুক্ত কৰাৰ পৰিকল্পনা আছে৷ ইয়াৰোপৰি বিভিন্ন ক্ষেত্ৰত চুক্তিভিত্তিক কৰ্মীসকলকো প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আওঁতাত অনা হ’ব বুলি জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰ ফলত দেশৰ ১ কোটি চুক্তিভিত্তিক কৰ্মী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে৷
শনিবাৰে পুৱা ১১ বজাত সংসদত বাজেট বক্তৃতা আৰম্ভ কৰে নিৰ্মলাই৷ পুৱাই সংসদলৈ যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও সাক্ষাৎ কৰে তেওঁ৷ বাজেট পেছৰ সময়ত নিৰ্মলাই কয়, ‘সকলোৰে উন্নয়নেই আমাৰ লক্ষ্য৷ বিশ্বত দ্ৰুত গতিত আগুৱাইছে ভাৰতীয় অৰ্থনীতি৷’ এইবাৰৰ বাজেটত মধ্যবিত্তৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বুলিও জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ