কেঞ্চাৰ চিকিৎসা চলি থকা হিনা খানৰ এতিয়া ৰে আৰু কেমো থেৰাপী চলি আছে। যাৰ বাবে বহু ধৰণৰ সমস্যা আদিৰো সন্মুখিন হৈ আছে। তাৰেই মাজতে নিজকে মজবুত কৰি ৰাখিছে হিনাই।
এবাৰ কইনাৰ সাজত দেখাৰ পাছত এইবাৰ পুনৰ মনীশ মালহোত্ৰাৰ ডিজাইনাৰ সাজত ৰেম্প ৱাক কৰা দেখা যায় অভিনেত্ৰীগৰাকীক। পাছে মঞ্চতে পৰিবলৈ ধৰিছিল অভিনেত্ৰী হিনা খান। তেনেতে দুবাহুত ধৰি পৰাৰ পৰা ৰক্ষা কৰে কাৰ্তিক আৰয়ানে।
https://x.com/vibewithanshul/status/1841187281387860174
সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। বহু লোকেই সেই ভিডিঅ’ চাই কাৰ্তিক আৰয়ানক ধন্যবাদ সূচক মন্তব্য দিয়াৰ লগতে হিনা খানতো সুস্বাস্থ্যৰ কামনা কৰিছে।
মনীশ মালহোত্ৰাৰ ‘নামো ভাৰত: ৱাক ফৰ ক’ৰেজ, ৱাক ফৰ চাৰ্ভিচ, এণ্ড ৱাক ফৰ হেৰিটেজ’ শীৰ্ষক অনুষ্ঠানত মনোৰঞ্জন জগতৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। সোণালী বেন্দ্ৰে, তাহিৰা কাশ্যপ, কাৰ্তিক আৰিয়ান, হিনা খান, ত্ৰুপ্তি ডিমৰিৰ দৰে শিল্পীয়ে এই অনুষ্ঠানত শোভা বঢ়ায়।
পিংকভিলাৰ শ্বেয়াৰ কৰা এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে মানুহে হিনাক প্ৰশংসা কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এনে কঠিন সময়ত ইমান শান্ত আৰু মৰ্যাদাৰে আৰু ইমান সাহসেৰে নিজকে চম্ভালি লোৱাৰ বাবে হিনাক অভিনন্দন। হিনা শ্বেৰ খান, সোনকালে ভাল হওক! আপুনি বহু লোকৰ বাবে প্ৰেৰণা হিচাপে প্ৰমাণিত হৈছে।
https://x.com/Abhisingh6397/status/1841492635745484970
উল্লেখ্য যে, হিনা খান বৰ্তমান স্তন কেন্সাৰৰ তৃতীয় পৰ্যায়ত আছে। অহৰহ বিষত ভুগি থকাৰ পৰা কেমোথেৰাপি লোৱালৈকে বহু সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে যদিও সাহসী ব্যক্তিত্বৰে মানুহক অনুপ্ৰাণিত কৰি আহিছে। হিনাৰ অনুৰাগীয়ে অহৰহ সমৰ্থন কৰি আছে হিনাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ