বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী
বলীউডৰ এগৰাকী এনে অভিনেত্ৰী, যিয়ে জীৱনৰ প্ৰথমখন চিনেমাতেই ব্লকব্লাষ্টাৰ উপহাৰ দিয়ে দৰ্শকক। পাছে এগৰাকী ছুপাৰষ্টাৰৰ সৈতে প্ৰেম হৈ একেবাৰে কম বয়সতে বিয়া হৈ শেষ কৰি পেলাই নিজেই নিজৰ কেৰিয়াৰ। পাছত দুটি সন্তান জন্ম হৈ স্বামীৰ পৰা বিচ্ছেদ লৈ পুনৰ উভতে বলীউডলৈ।
উভতিয়ে পুনৰ হিট ছবি উপহাৰ দিয়ে দৰ্শকক। বলীউডেও আঁকোৱালী লয় দুটি সন্তানৰ মাতৃগৰাকীক। দৰ্শককো দিয়ে এখনৰ পাছত আন এখন সফল ছবি।
মাত্ৰ ১৬ বছৰ বয়সতে বিবাহ বান্ধোনত সোমাই পৰি ১৭ বছৰ বয়সতে জন্ম দিয়ে প্ৰথমটো সন্তান। তাৰ পাছতে জন্ম দিয়ে আন এটি সন্তানো। পাছত বিয়াৰ ৯ বছৰ একেলগে থকাৰ অন্তত বিবাহ বিচ্ছেদ লৈ পুনৰ উভতে বলীউডলৈ।
কিন্তু পাছলৈ আৰু কোনোদিনে উভতি চাবলগা নহয়। বলীউডত দি যায় এখনৰ পাছত এখন সফল ছবি। সেই অভিনেত্ৰীগৰাকীয়েই হৈছে ডিম্পল কাপাডিয়া।
১৪ বছৰ বয়সত প্ৰথমখন ছুপাৰ হিট ছবি দি ১৬ বছৰ বয়সত নিজতকৈ ১৬ বছৰে ডাঙৰ বলীউডৰ ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে বিয়া, ১৭ বছৰত প্ৰথম সন্তান টুইংকল খান্নাৰ জন্ম, ১৯ বছৰত ৰিংকি খান্নাৰ জন্ম, ২৫ ত বিবাহ বিচ্ছেদ।
অতি কম বয়সতে মাতৃত্ব লাভ কৰি বিচ্ছেদো হৈ যায় ডিম্পল কাপাডিয়াৰ। অৱশ্যে সেই বিচ্ছেদ কোনো আইনৰ অধীনত নহয়, কেৱল বেলেগে থাকিবলৈ লয় ডিম্পল কাপাডিয়া আৰু ৰাজেশ খান্না।
স্বামীৰ পৰা আঁতৰি আহিয়ে পুনৰ বলীউডত ঋষি কাপুৰ আৰপ কমল হাছানৰ সাতে ‘সাগৰ’ ছবি কৰি সফলতা লাভ কৰে। তাৰ পাছত ৰুডালী, দৃষ্টি, ইনছাফ, জখমী ঔৰত, আল্লা ৰাখা, ইনছাফ আদি বহুতো ছবিত কাম কৰে। বৰ্তমানও বহু কেইখন হিট ছবিত কাম কৰিছে ডিম্পল কাপাডিয়াই। নাম গঢ়িছে এগৰাকী সফল অভিনেত্ৰী হিচাপে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ