জ্যোতিষশাস্ত্ৰ দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তনক অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হয়৷ আৰু ই জ্ঞান, বুদ্ধি, ধাৰ্মিকতা, লাভ আৰু মহান সাফল্যৰ প্ৰতীক হিচাপে বিবেচিত হয়৷ বৃহস্পতিয়ে ধনু আৰু মীন ৰাশিৰ ওপৰত ৰাজত্ব কৰে৷ বৃহস্পতিয়ে যেতিয়া বিপৰীতমুখী হয় তেতিয়া ই মানুহৰ জীৱনত উন্নতি আৰু নতুন সূচনাৰ সুযোগ কঢ়িয়াই আনে৷ পঞ্চাংগ অনুসৰি বৃহস্পতিয়ে ১১ নৱেম্বৰ ২০২৫ তাৰিখে নিশা ১০.১১ মিনিটত কৰ্কট ৰাশিত বিপৰীতমুখী হব৷ ই প্ৰায় ২৫ দিন স্থায়ী হব৷
জ্যোতিষশাস্ত্ৰত যিকোনো গ্ৰহৰ বিপৰীতমুখী হোৱাক অত্যন্ত অশুভ আৰু নেতিবাচক বুলি ধাৰণা কৰা হয়৷ বৃহস্পতিৰ বিপৰীতমুখী গতিৰ কাৰণে বহু ৰাশিৰ জাতক জাতিকাই কেৰিয়াৰ আৰু আৰ্থিক সংক্ৰান্তিয় চেলেঞ্জৰ মুখামুখী হব পাৰে৷ জানি থওক বৃহস্পতিৰ বিপৰীতমুখী গতিৰ কাৰণে কোন ৰাশিৰ জাতক চাপৰ সন্মুখীন হব পাৰে?
মেষ ৰাশি
বৃহস্পতিৰ বিপৰীতমুখী গতিয়ে মেষ ৰাশিৰ মানসিক অৱস্থা আৰু ব্যয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ হঠাৎ ভ্ৰমণ বা বিদেশ ভ্ৰমণ সম্পৰ্কিত কাম স্থবিৰ হৈ পৰিব পাৰে৷ এই সময়ত আপোনাৰ মনলৈ আহিব যে আপুনি কঠোৰ পৰিশ্ৰম কৰিও ফলপ্ৰসূ লাভ হোৱা নাই৷ কোনো আইনী বা কাগজপত্ৰত চহী কৰোতে চাই চিতি কৰিব৷ এই সময়ত নিজৰ ওপৰত মনোযোগ দিয়া জৰুৰী৷
প্ৰতিকাৰঃ প্ৰতি বৃহস্পতিবাৰে হালধীয়া পোছাক পিন্ধক, হালধীয়া তিলক লগাওক৷ “ওঁ ব্রিম্ বৃহস্পতেয় নমঃ”৷ এই মন্ত্ৰ ১০৮ বাৰ জপ কৰক৷
মিথুন ৰাশি
বৃহস্পতিৰ বিপৰীতমুথী গতিৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত দ্বন্দ বৃদ্ধি পাব৷ ঊৰ্ধ্বতনসকলৰ সৈতে যোগাযোগ স্পষ্ট কৰক৷ কাৰণ আপোনাৰ কথাৰ ভুল বাখ্যা হব পাৰে৷ আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ দিশত মনোযোগ দিয়ক৷ যদি আপোনাৰ কোনো আইনী বা চাকৰি সম্পৰ্কিত সমস্যা থাকে তেন্তে ধৈৰ্য ধৰক৷ কাৰণ খৰধৰ কৰিলে ক্ষতিকাৰক হব পাৰে৷
প্ৰতিকাৰঃ প্ৰতি বৃহস্পতিবাৰে দৰিদ্ৰ সন্তান বা অভাৱীসকলক হালধীয়া মচুৰ দাইল আৰু কল দান কৰক৷
তুলা ৰাশি
বৃহস্পতি আপোনাৰ ভাগ্যৰ ঘৰত বিপৰীতমুখী হ’ব৷ ইয়াৰ ফলত ভ্ৰমণ, উচ্চশিক্ষা বা ধৰ্মীয় কাৰ্যকলাপত বাধা আহিব পাৰে৷ যিসকলে বিদেশত পঢ়াশুনা বা কাম কৰিবলৈ আগ্ৰহী তেওঁলোকে ধৈৰ্য্য ধৰা উচিত৷ আপোনাৰ পিতৃৰ সৈতে মতবিৰোধ হব পাৰে৷ আপোনাৰ কথাবাৰ্তাত সংযম বজায় ৰাখক৷ আপোনাৰ জীৱনৰ লক্ষ্য পুনৰ্বিবেচনা কৰক৷ কোনো পুৰণি, অপূৰ্ণ ইচ্ছা আকৌ আহিব পাৰে৷
প্ৰতিকাৰঃ প্ৰতি বৃহস্পতিবাৰে এক বিষ্ণু মন্দিৰলৈ যায় তেতিয়া হালধীয়া ফুল অৰ্পণ কৰক৷ তুলসী গছত পানী দিয়ক৷
কুম্ভ ৰাশি
বৃহস্পতিবাৰে বিপৰীতমুখী গতি কুম্ভ ৰাশিৰ জাতকৰ জীৱনত নেতিবাচকতা আহিব৷ ঘৰত উত্তেজনা বা মাতৃৰ সৈতে মতবিৰোধ হব পাৰে৷ বাহন চলোৱাৰ সময়ত অসাৱধনতা এৰাই চলক৷ যিসকলৰ সম্পত্তি বা আবাসনৰ সমস্যা আছে তেওঁলোক বাধাৰ সন্মুখীন হব পাৰে৷ আপোনাৰ বিবাহিত জীৱনত ভুল বুজাবুজি এৰাই চলক৷ কাৰোবাক আৰ্থিকভাৱে বিশ্বাস কৰা ক্ষতিকাৰক হ’ব পাৰে৷
প্ৰতিকাৰঃ ঘৰত হালধীয়া ফুল ৰাখক৷ প্ৰতি বৃহস্পতিবাৰে মন্দিৰত মিঠাই উৎসৰ্গা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















