অসম লাইভ ২৪ঃ দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হ’ল CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা। স্থগিত ৰখা হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ১৪ এপ্ৰিলত প্রধানমন্ত্রীৰ সৈতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ বৈঠকৰ পাছত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচীৰ ক্ষেত্ৰত ১ জুনত পুনৰ আলোচনাত মিলিত হ’ব শিক্ষা মন্ত্ৰালয়। দেশৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা বাতিলৰ বাবে কৰা আৱেদনৰ ভিত্তিত শিক্ষা মন্ত্ৰালয় আৰু CBSE কৰ্তৃপক্ষ পূৰ্বেও আলোচনাত মিলিত হৈছিল। আলোচনা মৰ্মে, প্ৰয়োজন সাপেক্ষে ৰাজ্যিক শিক্ষাব’ৰ্ডৰ পৰীক্ষা স্থগিত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে কৰ্তৃপক্ষই। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ব’ৰ্ডৰ ‘objective criterion’ ৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















