সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা
ভাৰতীয় সংবিধানৰ নামত এতিয়াৰ পৰা এটি বিশেষ দিন পালন কৰাৰ কথা আজি সদৰি কৰে কেন্দ্ৰৰ ফালৰ পৰা । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সদৰি কৰে এই বিষয়ে। এতিয়াৰে পৰা সমগ্ৰ দেশতে পালন কৰা হ’ব ‘সংবিধান হত্যা দিৱস’।
কেন্দ্ৰীয় চৰকাৰে ২৫ জুনক সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। কেন্দ্ৰৰ ফালৰ পৰা কৈছে যে ১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল, সেয়েহে এতিয়া ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।
১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত যি সকল লোকে অমানৱীয় যন্ত্ৰণা সহ্য কৰি অপৰিসীম অৱদান দি থৈ গৈছে সেই সকলোৰে এই দিৱসত স্মৰণ কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত টুইটো কৰিছে।
https://x.com/AmitShah/status/1811710314901307552
অমিত শ্বাহে টুইট কৰি কয়, ‘১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একনায়কত্ববাদী মানসিকতাৰ পৰিচয় দি দেশত জৰুৰীকালীন অৱস্থা জাপি দি ভাৰতীয় গণতন্ত্ৰৰ আত্মাক ডিঙি চেপি ধৰিছিল। লাখ লাখ লোকক কোনো কাৰণ নোহোৱাকৈ জেলত ভৰাই দিছিল, তাৰোপৰি সংবাদ মাধ্যমৰ কণ্ঠ দমন কৰিছিল। ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় যন্ত্ৰণা সহ্য কৰা লোক সকলৰ অপৰিসীম অৱদানৰ কথা এই দিৱসটোৱে সোঁৱৰাই দিব।
তেওঁ আৰু লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে একনায়কত্ববাদী চৰকাৰৰ অসংখ্য নিৰ্যাতন আৰু অত্যাচাৰৰ সন্মুখীন হৈও গণতন্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ বাবে যুঁজ দিয়া লাখ লাখ লোকৰ সংগ্ৰামক সন্মান জনোৱা। ‘সংবিধান হত্যা দিৱসে’ প্ৰতিজন ভাৰতীয়ৰ ভিতৰত গণতন্ত্ৰ আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ অমৰ শিখাক জীয়াই ৰাখিবলৈ কাম কৰিব, যাতে ভৱিষ্যতে কংগ্ৰেছৰ দৰে কোনো একনায়কত্ববাদী মানসিকতাই পুনৰাবৃত্তি কৰিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ