নেপালৰ ৰাজনীতিত আলোড়ন, পদত্যাগ প্ৰধানমন্ত্ৰীৰ
নেপালৰ ৰাজনীতিত ডাঙৰ আলোড়ন। প্ৰধানমন্ত্ৰী পুষ্প কমল দালাহৰ পদত্যাগ। প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগ কৰাৰ লগে লগে কেপি শৰ্মা অলি নতুন প্ৰধানমন্ত্ৰী হ’ব বুলি প্ৰায় নিশ্চিত।
সংসদত আস্থা ভোটত পৰাস্ত হয় প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে। আচলতে চিপিএম-ইউএমএলে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ২৭৫ জনীয়া হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত পুষ্প কমল দাহালে আস্থা ভোটৰ বিৰুদ্ধে ১৯৪টা ভোট আৰু সমৰ্থনত ৬৩টা ভোট লাভ কৰে।
কিন্তু ট্ৰাষ্ট ভোট পাবলৈ ১৩৮টা ভোটৰ প্ৰয়োজন হৈছিল। পাছে কেৱল মাত্ৰ ৬৩ টা ভোটহে লাভ কৰে পুষ্প কমল দালাহে। যাৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰে।
শুকুৰবাৰ ১২ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালৰ ফ্ল’ৰ টেষ্টৰ পূৰ্বে কেপি শৰ্মা অলি আৰু নেপালী কংগ্ৰেছৰ নেতাসকলে নতুন মিত্ৰজোঁট চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনা কৰিছিল। নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে অলিক ইতিমধ্যে এন চিৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাই সমৰ্থন আগবঢ়াইছে।
পুষ্প কমল দালাহে আস্থা ভোট লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত ১৩ জুলাই শনিবাৰে কেপি শৰ্মা অলিয়ে প্ৰধানমন্ত্ৰী হ’ব পাৰে আৰু দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব পাৰে বুলি এতিয়া আলোচনা হৈছে।
দলৰ সচিবালয়ত অলিয়ে কয় যে নেপালৰ উন্নয়নৰ বাবে দুয়োটা বৃহৎ ৰাজনৈতিক দলৰ মিত্ৰতা প্ৰয়োজনীয়। আনহাতে, সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে অভিযোগ কৰে যে অলিয়ে তেওঁক বিশ্বাসঘাতকতা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ