চাউল, দাইল, পাচলিৰ দাম বৃদ্ধিয়ে মধ্যবিত্তৰ টোপনি হৰিছে৷ প্ৰতিদিনেই নুন্যতম খাদ্য যোগাৰ কৰাটোও কষ্টকৰ হৈছে বহুজনৰ বাবে৷ সাধাৰণ মানুহক কিছু স্বস্তি দিবলৈ অৱশেষত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ সস্তাত চাউল, দাইল ক্ৰয়ৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷
বিগত বছৰৰ পৰা সস্তাত আটা, চাউল আৰু দাইলৰ বিক্ৰি আৰম্ভ কৰিছে মোদী চৰকাৰে৷ নাম দিয়া হৈছে ভাৰত ব্ৰেণ্ড৷ আৰু বেছি মানুহৰ কাষলৈ যাতে এই ব্ৰেণ্ডক লৈ যাব পাৰি তাৰ ওপৰত গুৰুত্ব দিছে মোদী চৰকাৰে৷ চৰকাৰে এইবাৰ খুচুৰা চেইনৰ মাধ্যমেৰে সেইসমূহ বিক্ৰিৰ প্ৰস্তুতি চলাইছে৷
উদ্যোগপতি মুকেশ আম্বানীৰ সংস্থা ৰিলায়েন্সৰ সৈতে বাৰ্তালাপত মিলিত হৈছে কেন্দ্ৰ৷ ভাৰত ব্ৰেণ্ডৰ পণ্য এইবাৰৰ পৰা বিক্ৰি কৰা হ’ব আম্বানিৰ ৰিটেল চেইনৰ মাধ্যমেৰে৷ ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি ভাৰত ব্ৰেণ্ডৰ পৰিধি আৰু বঢ়াবলৈ এই ব্ৰেণ্ডটোক খুচুৰা চেইনৰ মাধ্যমেৰে বিক্ৰি কৰিব বিচাৰিছে কেন্দ্ৰই৷ সেয়ে আম্বানীৰ সংস্থা ৰিলায়েন্স ৰিটেইলৰ সৈতে যোগাযোগ কৰা হৈছে৷
ইয়াৰ পুৰ্বে ভাৰত ব্ৰেণ্ডৰ চাউল, দাইল, আটা সাময়িকভাৱে জিঅ’ মাৰ্ট, এমাজন আৰু বিগ বাস্কেটসহ বিভিন্ন ই কমাৰ্ছ সংস্থাৰ প্লেটফৰ্মত বিক্ৰি কৰা হৈছিল৷ এইবাৰ এই বিক্ৰিৰ বাবে দীৰ্ঘম্যাদি চুক্তিৰ পথত আগুৱাইছে কেন্দ্ৰ৷ প্ৰথমবাৰৰ বাবে খুচুৰা দোকানতো এই ব্ৰেণ্ড বিক্ৰি যাতে কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব বিচাৰিছে কেন্দ্ৰই৷ অৱশ্যে ৰিলায়েন্সে চৰকাৰৰ সৈতে চুক্তি কৰিবনে সেয়া তেওঁলোকে এতিয়ালৈকে স্পষ্ট কৰা নাই৷
উল্লেখ্য যে ৰিলায়েন্সৰ সমগ্ৰ দেশত বহু খুচুৰা দোকান আছে৷ দেশৰ বিভিন্ন চহৰত মুঠ ১৮ হাজাৰৰো অধিক ৰিলায়েন্স স্মাৰ্ট মাৰ্কেট আছে৷ ইয়াৰ বাহিৰেও জিঅ’ মাৰ্টৰ দৰে অনলাইন প্লেটফৰ্মো আছে৷ যদি এই চুক্তি কৰা হয় তেন্তে ভাৰত ব্ৰেণ্ডৰ আঁটা, দাইল আৰু চাউল দেশৰ প্ৰতিটো কোণত উপলব্ধ হ’ব৷ বৰ্তমান ভাৰতৰ নেশ্ব্যনেল কো অপাৰেটিভ কনজিউমাৰছ ফেডাৰেছন অৱ ইণ্ডিয়া তথা NAFEDয়ে তেওঁলোকৰ আউটলেট আৰু মোবাইল ষ্টোৰত এই পণ্য বিক্ৰি কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















