বহু লাখ লাখ মানুহৰ বাবে এই সুখবৰ৷ গাওঁ উন্নয়ন মন্ত্ৰণালয়ে জাৰি কৰা এক বিজ্ঞাপ্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২৫-২০২৬ অৰ্থবৰ্ষত মহাত্মা গান্ধী জাতীয় গাওঁ কৰ্মসংস্থান গেৰাণ্টি প্ৰকল্পৰ অধীনত থকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে৷ বৰ্ধিত মজুৰি চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব৷
মজুৰি ২ৰ পৰা ৭শতাংশৰ মাজত বৃদ্ধি কৰা হৈছে৷ ১০০ দিনৰ কাম প্ৰকল্পত হাৰিয়ানাত সৰ্বাধিক দৈনিক মজুৰি বৃদ্ধি হৈ হৈছে সৰ্বোচ্চ ৪০০ টকা৷ এইবাৰ প্ৰথমবাৰৰ বাবে MGNREGSৰ মজুৰিয়ে ৪০০ টকা স্পৰ্শ কৰিলে৷ অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু তেলেংগানাত মজুৰি দৈনিক হাৰত ৭ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ২০২৪-২০২৫ আৰ্থিক বছৰত ১০০ দিনৰ কামত দৈনিক মজুৰি গোৱাত সৰ্বোচ্চ ১০.৫৬শতাংশ বৃদ্ধি কৰা হৈছে৷ আনহাতে উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত সৰ্বনিম্ন ৩.০৪শতাংশ বৃদ্ধি কৰা হৈছিল৷ চলিত বছৰত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ শ্ৰমিকে সৰ্বনিম্ন ২৪১ টকা দৈনিক মজুৰি পাব৷
MGNREGA কী?
মহাত্মা গান্ধী এনৰেগাৰ লক্ষ্য হৈছে দেশব্যাপী গ্ৰামীণ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰা৷ যাৰ মাধ্যমেৰে গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ কায়িক শ্ৰম কৰিবলৈ আগ্ৰহী তেওঁলোকে এক অৰ্থবছৰৰ মাজত কমপক্ষেও ১০০ দিনৰ নিশ্চিত দৰমহাৰ কৰ্মসংস্থাপন প্ৰদান কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ