সাৱধান! ভাৰততো আৰম্ভ কভিড মৃত্যুৰ কিৰিলি, হংকং-ছিংগাপুৰৰ পাছত দেশতো কেন্দ্ৰৰ এলাৰ্ট
দুটা বছৰৰ পাছত পুনৰ গা কৰি উঠিছে কৰণা ভাইৰাছ তথা কভিড ১৯ ভাইৰাছ। হটস্পট হংকং আৰু ছিংগাপুৰ, থাইলেণ্ডৰ পাছত এইবাৰ ভাৰতৰ মুম্বাইত কভিডৰ দ্ৰুত সংক্ৰমণ। ৫৩ গৰাকী লোকৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে মৃত্যু হৈছে দুগৰাকী লোকৰ
মহাৰাষ্ট্ৰৰ মুম্বাইত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য বিভাগৰ উদ্বেগ বৃদ্ধি পাইছে। এই পৰ্যন্ত মুম্বাই পৌৰ নিগম এলেকাত ৫৩ জন Corona পজিটিভ ৰোগী ধৰা পৰিছে। একে সময়তে দুজন Covid আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰ।
অৱশ্যে দুয়োজন ৰোগীৰ অৱস্থা ইতিমধ্যে গুৰুতৰ হৈ পৰিছিল। এজন ৰোগীৰ মুখৰ কৰ্কট ৰোগ আছিল, আনহাতে আনজনৰ নেফ্ৰটিক চিনড্ৰম আছিল। এই ৰোগীসকলক মুম্বাইৰ কে ই এম হাস্পতালত ভৰ্তি কৰা হৈছিল।
আনহাতে প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ১৯ মে’লৈ ভাৰতত ২৫৭ এক্টিভ কেছ ধৰা পৰিছে। তাতোকৈ চাঞ্চল্যৰ কথা যে, ১২ মে’ লৈ ভাৰতত কভিড আক্ৰান্ত লোকৰ সংখ্যা আছিল ১৬৪ গৰাকী, পাছত মাথো এটা সপ্তাহৰ পাছতে এই সংখ্যা ৯৩ গৰাকী বৃদ্ধি পাই ২৫৭ হয়গৈ।
এতিয়ালৈকে দেশৰ ভিতৰত কেৰালাতেই সৰ্বাধিক সংক্ৰমিত লোক ধৰা পৰিছে । ৰাজ্যখনত ৬৯ গৰাকী লোকৰ দেহত কভিড ধৰা পৰিছে। কেৰালাৰ পাছতে মুম্বাইত ৫৩ গৰাকী লোক ধৰা পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















