অসম লাইভ২৪ঃ প্ৰায় ৩ হাজাৰ বছৰ পূৰ্বেই জন্মগ্ৰহণ কৰা মহান দাৰ্শনিক চানক্যই সমাজ, দেশ, পৰিয়াল, ৰাজনীতিকে আদি কৰি সকলো দিশতে বিশেষ কিছু কথা কৈ গৈছে৷ চানক্যই কৈ যোৱা প্ৰতিটো কথাই আজিও প্ৰাসংগিক৷ চানক্যৰ নীতি শাস্ত্ৰত উল্লেখ থকা প্ৰত্যেকটো কথাৰেই আছে মহত্ব৷ চানক্যই প্ৰকাশ কৰা মতে যদি এজন ব্যক্তিয়ে তেওঁৰ জীৱনত বিশেষ তিনিটা নিয়ম মানিলেই জীৱনত সফলতা লাভ কৰিবই৷ কিন্তু কি এই তিনি উপদেশ?
ভুলবোৰ পৰ্যালোচনা কৰক
চানক্য নীতি বচনে কয় যে, প্ৰতিজন ব্যক্তিয়ে সফল হ’বলৈ জীৱনত কঠোৰ পৰিশ্ৰম কৰে কিন্তু সফলতা লাভ নকৰে৷ এনে পৰিস্থিতিত, আপোনাৰ বিফলতাৰ বাবে কান্দি থকাৰ সলনি, আমাৰ ক’ত কি ভুল ৰৈ গ’ল সেই বিষয়ে চিন্তা কৰিব লাগে। যেতিয়া আপুনি নিজৰ ত্ৰুটিবোৰ বিচাৰি পায়, তেতিয়া পৰৱৰ্তী প্ৰচেষ্টাত সফলতাই আপোনাৰ দুৱাৰত টোকৰ মাৰিবই৷ ইয়াৰ বাবে, আপুনি নিজৰ ওপৰত বিশ্বাস আৰু ধৈৰ্য্য ৰাখিব লাগিব।
সমালোচনাৰ প্ৰতি অত্যাধিক মনোযোগ নিদিব
যেতিয়া আপুনি কোনো কাৰ্যত সফল হ’বলৈ আৰম্ভ কৰে, তেতিয়াই আপোনাৰ সমালোচনাও আৰম্ভ হয়। কিন্তু সেই সমালোচনাবোৰত কাহানিও বিচলিত হ’ব নালাগে। তাৰ পৰিবৰ্তে, তেনে কথাবোৰ শুনিলেও বিশেষভাৱে গুৰুত্ব দিয়াৰ সলনি আওকান কৰিব লাগে৷ যদি আপুনি সেই সমালোচনাবোৰতেই বিচলিত হয়, তেন্তে আপুনি আপোনাৰ লক্ষ্যৰ পৰা বিচ্যুত হ’ব। এনে পৰিস্থিতিত, আপুনি কেতিয়াও সফল নহ’ব।
সফলতাৰ বাবে চেষ্টা অব্যাহত ৰাখক
চানক্য বচন অনুসৰি বহুলোকে বিফলতাৰ ভয়ত তেওঁলোকৰ সিদ্ধান্ত সলনি কৰে। এনে পৰিস্থিতিত, তেওঁলোকে বিচাৰিলেও জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। সফল হ’বলৈ আপুনি জীৱনত ৰিস্ক ল’ব পাৰিব লাগিব। কেতিয়াবা এই পথত বিফলতা থাকে, কিন্তু আমি ইয়াত নিৰাশ নোহোৱাকৈ আগবাঢ়ি যোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ