অসম লাইভ ২৪ঃ ভক্তৰ বাবে পুনৰ স্থগিত ৰখা হ’ল চাৰি ধাম যাত্ৰাৰ কাৰ্যসূচী। ক’ৰোনা মহামাৰীৰ বাবে বন্ধ ৰখা হ’ল চাৰি ধাম যাত্ৰা। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱতে। ১৪ মে’ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যমুনাত্ৰী, গংগোত্ৰী, কেডাৰনাথ আৰু বদ্ৰীনাথৰ দৰ্শন। ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবেই স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে উত্তৰাখণ্ড প্ৰশাসনে। তীৰথ সিং ৰাৱতে কয়, ক’ৰোনাৰ সময়ত এই যাত্ৰা সম্ভৱ নহয়। ১৪ মে’ৰ পৰা ভক্তৰ বাবে যমুনাত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ লগতে চাৰি ধাম যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল। বিগত বৰ্ষতো ক’ৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ড চৰকাৰে চাৰি ধাম যাত্ৰা স্থগিত ৰাখিছিল। ইয়াৰ পাছতে জুলাইৰ প্ৰথম ভাগত ভক্তৰ বাবে চাৰি ধাম যাত্ৰা মুকলি কৰাৰ সিদ্ধান্ত লয়। চৰ্ত সাপেক্ষে জুলাইৰ শেষৰ পৰা বিভিন্ন ৰাজ্যৰ ভক্তৰ বাবে চাৰি ধাম যাত্ৰাৰ অনুমতি প্ৰদান কৰিছিল যদিও দেশৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হ’ল কাৰ্যসূচী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ