২০২৬ চনৰ প্ৰথম মাহত গ্ৰহৰ বিৰল যোগ গঠিত হ’ব চলিছে৷ ২৪ মাহৰ পাছত মকৰ ৰাশিত গঠিত হ’ব চতুৰ্গ্ৰহী যোগ৷ আগন্তুক ১৪ জানুৱাৰী মকৰ সংক্ৰান্তি পালনৰ পাছতেই এই বিৰল শুভ যোগ গঠিত হব৷ মকৰ ৰাশিত ইয়াৰোপৰি আহিব সূৰ্য, শুক্ৰ, বুধ আৰু মঙ্গল৷ ইয়াৰ পূৰ্বে ২০২৪ ৰ ফেব্ৰুৱাৰী মাহত এই চাৰি গ্ৰহই শেষবাৰ এক ৰাশিত গোচৰ কৰিছিল৷ এই চাৰি গ্ৰহৰ মিলনৰ ফলত চতুৰ্গ্ৰহী যোগৰ ওপৰিও গঠিত হব লক্ষ্মী নাৰায়ণ যোগ, বুধাদিত্য ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত ১৭ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত দুৰ্দান্তভাৱে লাভৱান হ’ব কোন কোন?
মেষ ৰাশি
মেষ ৰাশিৰ দশম ঘৰত এই শুভ যোগ গঠিত হব৷ এই সময়ত কেৰিয়াৰত কিছু পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ বিশেষ কিছু অৰ্জন কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে সুফল পাব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ নৱম ঘৰত চতুৰ্গ্ৰহী যোগ গঠিত হব৷ এই সময়ত সকলো কামত সৌভাগ্যক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ দূৰ ভ্ৰমণ কৰিব পাৰে৷ বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিলে এয়া সপোন পূৰণ হোৱাৰ সময়৷ পিতৃৰ সহায়তা পাব আৰু কোনো জৰুৰী কাম সম্পূৰ্ণ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও আগ্ৰহ বাঢ়িব৷
কৰ্কট ৰাশি
কন্যা ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















