ছটপূজাক সূৰ্য উপাসনাৰ সকলোতকৈ পবিত্ৰ উৎসৱ হিচাপে বিবেচনা কৰা হয়৷ কাতিৰ শুক্লা ষষ্ঠীত পালিত হয় ষট পূজা৷ এই সময় অত্যন্ত শুভ সময়৷ এই সময়ত সূৰ্য দেৱতা আৰু ছট দেৱীৰ পূজা কৰিলে জীৱনলৈ সমৃদ্ধি, স্বাস্থ্য আৰু সাফল্যৰ আশীৰ্বাদ আহে৷
জ্যোতিষীৰ মতে এই বছৰ সূৰ্যদেৱ আৰু ছট দেৱীয়ে নিৰ্দিষ্ট কিছু ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ বৰ্ষণ কৰে৷ ছট উৎসৱৰ পাছত এই ৫ ৰাশিৰ জাতকৰ ভাগ্য উজ্জ্বল হ’ব পাৰে আৰু জীৱনত নতুন দিশা দেখা পাব পাৰে৷ জানি থওক এই ৰাশিসমূহ কি কি?
মেষ ৰাশি
ছট উৎসৱ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ সূৰ্য দেৱতাৰ আশীৰ্বাদত কৰ্মজীৱন আৰু ব্যৱসায়ত অপ্ৰত্যাশিত লাভ পাব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’ব৷ তেওঁলোকৰ সন্মান আৰু মৰ্যদা বৃদ্ধি পাব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ছট দেৱীৰ আশীৰ্বাদত তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হ’ব৷ চাকৰিয়ালৰ পদোন্নতি বা বোনাছ লাভৰো সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সম্প্ৰীতি বিৰাজ কৰিব আৰু নতুন সম্পৰ্ক দৃঢ় হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত সূৰ্যদেৱতাৰ কৃপা থাকিব৷ সেয়ে ছট উৎসৱ এই জাতকৰ বাবে অত্যন্ত শুভ হব৷ সন্মান, প্ৰতিপত্তি আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব৷ প্ৰশাসনিক বা চৰকাৰী ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ পদোন্নতিৰ সুযোগ থাকিব৷ এই সময়কালত স্বাস্থ্যও ভালে থাকিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ে তেওঁলোকৰ জীৱনলৈ স্থিতিশীলতা আনিব৷ ব্যৱসায় সম্প্ৰসাৰণ আৰু বিনিয়োগ লাভৱান হ’ব৷ নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আগ্ৰহ কৰি থকাসকলৰ বাবে এই সময় অনুকূল হব৷ ছট দেৱীৰ আশীৰ্বাদত পাৰিবাৰিক দ্বন্দৰ অৱসান হ’ব আৰু মানসিক শান্তি বৃদ্ধি পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ছট উৎসৱে জীৱনলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব আৰু নতুন কামৰ সুযোগ তৈয়াৰ হব৷ যিসকলে প্ৰচেষ্টাত পূৰ্বে ব্যৰ্থ হৈছিল তেওঁলোকৰ সূৰ্য দেৱতাৰ আশীৰ্বাদত সাফল্য পাব৷ আৰ্থিক অৱস্থা শক্তিশালী হব আৰু ভাগ্য তেওঁলোকৰ অনুকূল থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















