পেশী প্ৰদৰ্শনৰ মত্ততাত ডুবিছে যুৱ সমাজ৷ অথচ এক পৰিসংখ্যাই কৈছে ভাৰতীয়ৰ মাজত বাঢ়িছে হাড়ৰ ক্ষয়জনিত সমস্যা৷ অষ্টিওপোৰোছিচ বা অষ্টিওপেনিয়াৰ দৰে ৰোগ ভিটামিন ডি আৰু আয়ডিনৰ ব্যাপক ঘাটিৰ বাবে ভাৰতীয়ৰ মাজত দিনে দিনে বাঢ়িছে৷ এই তথ্য প্ৰকাশ কৰিছে এক সমীক্ষাই৷ অধিকাংশ ক্ষেত্ৰত এই ৰোগসমূহ প্ৰাথমিক পৰ্যায়ত ধৰা নপৰে৷ আগেভাগে সচেতন নহলে বয়স বঢ়াৰ লগে লগে নানান ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ সম্প্ৰতি এক সমীক্ষাত জনা গৈছে যে ৫০ বছৰতকৈ বেছি বয়সীয়া প্ৰায় ২৩ কোটি ভাৰতীয় অষ্টিওপোৰোছিচত ভূগিছে৷ দেশব্যাপী এই সমীক্ষাত উঠি আহিছে চমক দিয়াৰ দৰে তথ্য৷ প্ৰতি দুজন প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ মাজত এজনৰ হাড়ৰ ঘনত্ব স্বাভাৱিকতকৈ কম৷ বিশেষকৈ যিসকল মহিলাৰ মেনোপজ হৈছে তেওঁলোকৰ ক্ষেত্ৰত ৩৩ গুণ বাঢ়ি গৈছে হাড়ৰ ক্ষয়ৰ আশংকা৷
কাৰণ কি?
১. পাঁচজন ভাৰতীয়ৰ মাজত প্ৰতি এজনৰ আছে ভিটামিন ডিৰ ঘাটি৷ এই ভিটামিনৰ অভাৱত শৰীৰত কেলছিয়াম শোষণ ব্যাহত হয়৷ ক্ৰমশ হাড়ৰ ঘনত্ব কমি আহে৷ হাড় নৰম আৰু ভংগুৰ হৈ উঠে৷
২. থায়ৰয়েড হৰমন( T3, T4) সংশ্লেষৰ বাবে আয়ডিন অপৰিহাৰ্য৷ ই হাড়ৰ বৃদ্ধি আৰু গঠন নিয়ন্ত্ৰণ কৰে৷ আয়ডিনৰ ঘাটি পৰোক্ষভাৱে হাড়ৰ ভংগুৰতা বাঢ়ে৷ দেশত ২০ কোটিৰো বেছি মানুহে আয়ডিনৰ ঘাটিত ভূগিছে৷ এই সমস্যা মোকাবিলাৰ বাবে আয়ডিনযুক্ত লৱণ অপৰিহাৰ্য৷
প্ৰতিকাৰৰ উপায়
পূৰ্বে সতৰ্ক নহলে বয়স বঢ়াৰ লগে লগে হাড় দুৰ্বল হৈ পৰে৷ হাড়ৰ স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ কেলছিয়াম সমৃদ্ধ খাদ্য যেনে গাখীৰ, দৈ, পনীৰ, তিল আৰু শাক পাচলি অপৰিহাৰ্য৷ পৰ্যাপ্ত ভিটামিন ডি পাবলৈ প্ৰতিদিনে পুৱা অন্তত ১৫-২০ মিনিট সূৰ্যৰ পোহৰত খৰা উচিত৷ ফৰ্টিফায়েড খাদ্য খোৱা জৰুৰী৷ ইয়াৰোপৰি প্ৰতিদিনে নিয়ম মানি ব্যায়াম কৰাও প্ৰয়োজন৷ দ্ৰুত খোজ কঢ়া, স্কোৱাট কিংবা পাতল ৱেটলিফ্টিং নিয়মিত কৰিব লাগে৷ সঠিক পুষ্টি, নিয়মিত শৰীৰচৰ্চাৰ মাধ্যমেৰে এই সংকট প্ৰতিৰোধ কৰা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















