বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক
খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি ব্যৱহাৰ কৰো নিমখ। নিমখেই খাদ্যৰ সোৱাদৰ প্ৰধান উপাদান। পাছে এই নিমখেৰে অন্য কিবা কৰিব পাৰি বুলি বিশ্বৰ অন্য প্ৰান্তৰ মানুহে চিন্তা কৰক বা নকৰক, চীনে কিন্তু এই নিমখেৰেই নিৰ্মাণ কৰি উলিয়ালে পাৰমানৱিক। চীনে বিশ্বৰ প্ৰথমটো এনে থ’ৰিয়াম গলিত নিমখৰ পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণ কৰিছে।
য’ত কেৱল বিদ্যুৎ উৎপাদন হোৱাই নহয়, চলি থকাৰ সময়তে নতুন ইন্ধনো যোগাযোগ কৰিব পৰা ব্যৱস্থা আছে। ইয়াৰ অৰ্থ- যাত্ৰা কৰি থকাৰ সময়তে গাড়ীত পেট্ৰ’ল ভৰাব পৰা ব্যৱস্থা। পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এনে এক আচহুৱা ব্যৱস্থা সংযোজন হৈছে।
এই ৰিয়েক্টৰটো চীনৰ গ’বি মৰুভূমিৰ প্ৰান্তত অৱস্থিত এটা অঞ্চলত নিৰ্মাণ কৰা হৈছে। ই সৰু কিন্তু শক্তিশালী, ২ মেগাৱাটৰ থাৰ্মেল শক্তি উৎপাদন কৰে। ইয়াত সাধাৰণ পাৰমাণৱিক ৰিয়েক্টৰৰ দৰে নহয় ইউৰেনিয়াম জ্বলি নাযায় বৰঞ্চ থ’ৰিয়াম নামৰ এটা বিশেষ তেজস্ক্রিয় ধাতু জ্বলি যায় যিটো পৃথিৱীত প্রচুৰ পৰিমাণে পোৱা যায় আৰু ই বৰ বিপজ্জনক নহয়৷
এতিয়া এই থ’ৰিয়ামটো নিমখৰ লগত মিহলাই এক বিশেষ ধৰণৰ দ্ৰৱ গঠন কৰা হয় যিয়ে কেৱল ইন্ধন হিচাপে কাম কৰাই নহয়, শীতল প্ৰভাৱো প্ৰদান কৰে। আৰু আমোদজনক কথাটো হ’ল এই ৰিয়েক্টৰটোৱে উচ্চ উষ্ণতাতো অতি শীতলভাৱে কাম কৰে, অৰ্থাৎ ইয়াত বিস্ফোৰণ বা গলি যোৱাৰ আশংকা প্ৰায় নাথাকে।
ইউৰেনিয়ামতকৈ থ’ৰিয়াম বহুত বেছি সুৰক্ষিত। ই বৃহৎ পৰিমাণে উপলব্ধ, আৰু ইয়াৰ পৰা উৎপন্ন হোৱা পাৰমাণৱিক আৱৰ্জনাও বহু কম। লগতে ইয়াৰ পৰা ওলোৱা উপজাত সামগ্ৰীসমূহ পাৰমাণৱিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰি। অৰ্থাৎ চীনে কেৱল নিৰাপদ ৰিয়েক্টৰ নিৰ্মাণ কৰাই নহয়, পৰোক্ষভাৱে শক্তিও বৃদ্ধি কৰিছে।
অৱশ্যে এই প্ৰযুক্তি নতুন নহয়। আমেৰিকাই ১৯৬০ চনত এই বিষয়ে গৱেষণা কৰিছিল। আনকি গলিত নিমখৰ ৰিয়েক্টৰো নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছত আমেৰিকাই এই পদ্ধতি এৰি ইউৰেনিয়ামৰ পথ বাছি লৈছিল।
চীনে এতিয়া আমেৰিকাৰ সেই একেই নথি-পত্ৰৰ সহায়ত পুনৰ ইয়াৰ ওপৰত পৰীক্ষা আৰম্ভ কৰি অৱশেষত এই নিমখৰ পাৰমানৱিকৰ সফলতা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















