ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ
ড’নাল্ড ট্ৰাম্পৰ ১০৪ শতাংশ শুল্কৰ প্ৰতি সঁহাৰি জনাই চীনে এতিয়া আমেৰিকাৰ ওপৰতো ৮৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধই নতুন ৰূপ লৈছে। আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বেইজিঙে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
চীনৰ বিত্ত মন্ত্ৰালয়ে কয় যে কাইলৈ ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত এই অতিৰিক্ত শুল্ক প্ৰযোজ্য হ’ব। পূৰ্বতে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা কৈছিল যদিও এতিয়া ইয়াক ৮৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
চীনৰ বাণিজ্য মন্ত্ৰালয়েও আমেৰিকাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১২টা আমেৰিকাৰ প্ৰতিষ্ঠানক ৰপ্তানি নিয়ন্ত্ৰণ তালিকাত স্থান দিছে। লগতে, ৬টা আমেৰিকান কোম্পানীক “অবিশ্বাস্য সত্তা”ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে, ট্ৰাম্প প্ৰশাসনে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। হোৱাইট হাউছৰ প্ৰেছ সচিবে সদৰি কৰা অনুসৰি, এই শুল্ক আজি ৯ এপ্ৰিল বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ