অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মোদী চৰকাৰৰ বৃদ্ধি পাইছে চিন্তা। উত্তৰ প্ৰদেশৰ সাধাৰণ জনতাক কেনেকৈ আভুৱা ভৰিব পাৰি একপ্ৰকাৰে তৎকালীনভাৱে তাৰে চিন্তাত মগ্ন হৈ পৰিছে যোগী আদিত্য নাথ চৰকাৰৰ লগতে কেন্দ্ৰৰ মোদী চৰকাৰে। সেয়েহে আকৌ এবাৰ চমক সৃষ্টি কৰাৰ মানসেৰে এইবাৰ পুনৰ মোদী চৰকাৰে আৰম্ভ কৰিলে নিজৰ বিজ্ঞাপনৰ ৰাজনীতি। কিন্তু এইবাৰ বিজ্ঞাপনৰ ৰাজনীতিত প্ৰথম পৰ্যায়তে মুখ ঠেকেচা খালে মোদী চৰকাৰে। চীনৰ আন্তঃৰাষ্ট্ৰীয় বেইজিং ডাক্সিং বিমান বন্দৰক নয়ডাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ভুৱা প্ৰচাৰ কৰিছিল ভাৰত চৰকাৰে। আৰু এই ভুৱা প্ৰচাৰৰ বাতৰি প্ৰকৃত সত্যতা জনালে চীনৰ এগৰাকী সাংবাদিক শেন চিয়াই। আৰু এই সত্যতাৰ প্ৰমাণ চীনে তুলি ধৰাৰ পিছতে আকৌ এবাৰ মূৰপুলুকা মাৰিছে প্ৰচাৰ দায়িত্বত থকা ভাৰত চৰকাৰৰ বিষয়া আমোলাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















