চিৰাগ পাছৱানৰ ডাঙৰ ঘোষণা- বিহাৰৰ ২৪৩খন আসনত প্ৰতিদ্বন্দিতা কৰিব দলে
চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৰাজনৈতিক দলসমূহে এই সন্দৰ্ভত সক্ৰিয় হৈ উঠিছিল আৰু নিৰ্বাচনত নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছিল।
ইফালে লোক জনশক্তি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এটা ডাঙৰ ঘোষণা কৰি বিহাৰৰ ২৪৩খন আসনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কয়।
কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে কয় যে বিহাৰৰ একাংশ লোকে তেওঁক বিহাৰৰ পৰা শেষ কৰাৰ বাবে এক বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু সকলো বিফল হয়। এতিয়া ভৱিষ্যতে চিৰাগে বিহাৰৰ শাসনভাৱ হব বুলি হে বহুতেই কবলৈ ধৰিছে।
পাছে বিহাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে চিৰাগ পাছৱানে? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চিৰাগ পাছৱানে কয় যে পিতৃৰ সপোন পূৰণৰ বাবে ২০২০ চনত তেওঁ অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল।এই সময়ছোৱাত ২০২৫ চনত বিহাৰৰ ২৪৩খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















