এসময়ত দুয়োৱে যুঁটি বান্ধিছিল চিনেমাক্ষেত্ৰত৷ কংগনা ৰানাউট আৰু চিৰাগ পাছোৱানে চিনেমা জগত বাদ দি ৰাজনীতিৰ জগতত প্ৰৱেশ কৰিছে৷ ৰাজনীতিৰ পথাৰত ভৰি দিয়েই আকৌ দুয়োৰে দেখা দেখি৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হৈ দুজনেই এতিয়া সাংসদ পদ৷ সম্প্ৰতি এক সাক্ষাৎকাৰত কঙ্গনাৰ সৈতে সম্পৰ্কৰ সমীকৰণক লৈ মুখ মেলিছে চিৰাগ পাছোৱানে৷
২০১১ চনত মিলে না মিলে হম ছবিত জুঁটি বান্ধিছিল কংগনা আৰু চিৰাগে৷ কিন্তু অভিনয় ক্ষেত্ৰত বিশেষ আগুৱাই যাব নোৱাৰিলে চিৰাগ৷ অভিনয় জগত এৰি আহি হাজিপুৰৰ লোক জনশক্তি পাৰ্টীৰ সাংসদ হয় চিৰাগ পাছোৱান৷ চিৰাগে এই সন্দৰ্ভত কৈছিল, ‘এসময়ত বুজিব পাৰিছিলো অভিনয়ত মই পাৰদৰ্শী নহয়৷ আমাৰ সাত পুৰুষেই অভিনয়ৰ সৈতে জড়িত নহয়৷ বংশৰ পৰা মইয়েই প্ৰথম অভিনেতা হ’বলৈ চেষ্টা কৰিছিল৷ কিন্তু সোনকালেই গম পালো মোৰ দ্বাৰা অভিনয় নহ’ব৷ দৰ্শকে বুজাৰ আগত মই নিজেই সেই কথা বুজি পালো৷’
অভিনয় এৰি ৰাজনীতিলৈ আহে ৰামবিলাস পাছোৱানৰ সন্তান চিৰাগ৷ অভিনয়ত আহি চিৰাগে একো কৰিব নোৱাৰিলেও এটা বিশেষ প্ৰাপ্তি পোৱাৰ কথা প্ৰকাশ কৰিছে৷ সেই প্ৰাপ্তি আন একো নহয়৷ তেওঁ কয়, ‘এই জগতত আহিয়েই তেওঁ কংগনাৰ দৰে বন্ধু পাইছে বুলিও জনায়৷ চিৰাগৰ কথাত, ‘অভিনয়ৰ চেষ্টা কৰি এটাই লাভ হৈছে আমাৰ৷ মই আৰু কংগনা খুব ভাল বন্ধু হৈ পৰিছিলো৷ সেই সময়ৰ পৰা আমাৰ বন্ধুত্ব বৰ্তি আছে৷ মই সঁচাই বিচাৰিছিলো কংগনা সাংসদ হওক৷ কাৰণ বিগত কেইবাবছৰৰ ব্যস্ততাৰ বাবে তেওঁৰ সৈতে যোগাযোগ কমি গৈছিল৷’
শেষ পৰ্যন্ত আশা পূৰণ হ’ল চিৰাগৰ৷ ইমান বছৰৰ পাছত পৰস্পৰক দেখি উচ্ছ্বাসিত কংগনা আৰু চিৰাগ৷ ৰাজনীতিত অহাৰ বাবে কংগনাক কোনে পৰামৰ্শ দিছিল সেই কথাও চিৰাগে কৈছে৷ ‘কংগনাৰ কোনো পৰামৰ্শৰ প্ৰয়োজন নাই৷ ’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ