জিঙ্গল বেল জিঙ্গল বেল জিঙ্গল অল দ্যা ৱে…। বছৰৰ শেষ মানেই খ্ৰিষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ বৰদিনৰ উছাহ। বিশ্বব্যাপী জাকজমকতাৰে পালন কৰা হয় এই ফেষ্টিভেল। যীশুখ্ৰীষ্টৰ জন্মদিনটোক ধুমধামেৰে পালন কৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ লগতে অন্য ধৰ্মৰ প্ৰায় সকলো লোকেই। ভাৰতত খ্ৰীষ্টিয়ান সংখ্যালঘূ হ’লেও তেওঁলোকৰ এই উৎসৱক লৈ উন্মাদনা ভাৰতীয়ৰ মাজতো আছে। বিশ্বৰ একাধিক দেশত বৰদিনক লৈ নানান ৰীতি প্ৰচলিত হৈ আছে।
সাধাৰণতে খ্ৰীষ্টমাছৰ দিনা খ্ৰীষ্টিয়ান লোকসকলে ক্ৰিছমাছ ট্ৰি সজায়। সমগ্ৰ ঘৰো সজায় তোলে। সাজসজ্জাৰ সেই তালিকাত থাকে মিছলটোছ গছৰ পাতো। যি ঘৰৰ ভিতৰত লগোৱা হয়। এই গছৰ পাতক প্ৰেমৰ প্ৰতীক মনা হয়। ইয়াৰোপৰি খ্ৰীষ্টিয়ানসকলে মাজনিশা গীৰ্জাত গৈ কেৰলৰ ধ্বনি দিয়ে। ইয়াৰোপৰি এজনে আনজনক উপহাৰো আগবঢ়াই। সাধাৰণ নিয়মৰ ওপৰিও খ্ৰীষ্টমাছৰ নিশা বহু দেশৰ শিশুৱে গৰম গাখীৰ আৰু কুকিছ একেলগে এটা নিৰ্দিষ্ট স্থানত ৰাখে। শিশুসকলৰ বিশ্বাস যে ছান্তাক্লজ নিশা আহি তেওঁলোকৰ সেই উপহাৰ গ্ৰহণ কৰিব। লোকবিশ্বাস মতে ছান্তাক্লজ নৰ্থ পোলৰ পৰা প্ৰত্যেকবছৰেই খ্ৰীষ্টমাছৰ সময়ত আহি সকলোকে গীষ্ট দি যায়।
বৰদিনত ঘৰ সজায় পৰাই তোলাৰ সময়তেই একাংশই নানান কেণ্ডিও ওলমাই দিয়ে। পৰম্পৰা অনুসৰি একাংশ খ্ৰীষ্টিয়ান ধৰ্মৰ মহিলাই অলংকাৰসমূহো ওলোমাই সজায় থয়। বহু দেশত আকৌ গীৰ্জাত প্রভু যীশুৰ জন্মৰ মুহূৰ্তটোক ৰিক্ৰিয়েটো কৰা হয়। অৰ্থাৎ অভিনয়ৰ মাধ্যমেৰে উদযাপন কৰা হয় সেই মুহূৰ্তক। এখন ঘৰতেই জোছেফ, মেৰি আৰু পৰী সাজি শিশু যীশুৰ জন্মগ্ৰহণৰ মুহূৰ্তটোক নাটকৰ মাধ্যমেৰে চেলিব্ৰেছন কৰে খ্ৰীষ্টিয়ানসকলে।
জাৰ্মানৰ খ্ৰীষ্টিয়ানসকলে এই দিনটোত এটা বিশেষ শোভাযাত্ৰাও উলিয়াই। এই প্ৰদৰ্শনীমূলক শোভাযাত্ৰাত স্বৰ্গৰ গছত আপেল ওলমি থকাৰ প্ৰতিকী ৰূপ দেখুওৱা হয়। সেই কাহিনীৰ সৈতে ছান্তাক্লজে এই প্ৰদৰ্শনীত যোগ দিয়ে। কোনো কোনো দেশত আকৌ খ্ৰীষ্টমাছৰ দিনা যুৱকসকলে এটা স্থানত বহি কেৰলছ গাই। ঘৰে ঘৰে গৈ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনায়। অধিকাংশ দেশতেই খ্ৰীষ্টমাছৰ দিনা ফ্ৰুটছ কেক তৈয়াৰ কৰা হয়। এজনে আনজনক কেক উপহাৰ দিয়ে। দুখীয়াসকলৰ মাজত সেই কেক একাংশই বিলায় দিয়ে। একাংশই কেকৰ ওপৰিও পেষ্ট্ৰী, কুকিজো তৈয়াৰ কৰে।
কেইখনমান দেশত আকৌ খ্ৰীষ্টমাছৰ দিনা মিছটলটো গছৰ তলত প্ৰেমিক-প্ৰেমীকাসকলে মিলি গভীৰ চুম্বনো কৰে। এই গছত সৰু সৰু ফল লাগে। খ্ৰীষ্টমাছৰ দিনা এই গছ নিজৰ ঘৰতো ৰুই লয় একাংশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে। একাংশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ মতে এই গছৰ তলত ৰৈ ওঁঠে ওঁঠে চুম্বন কৰিলে সন্তান সুখ লাভ কৰে বুলি বিশ্বাস। ভিক্টোৰীয়া যুগৰ পৰাই এই পৰম্পৰা চলি আহিছে। খ্ৰীষ্টমাছ ট্ৰিক খ্ৰীষ্টিয়ান জীৱনৰ সাৰ্থকতাৰ প্ৰতীক বুলি ধৰা হয়। মহাৰাণী ভিক্টোৰিয়াই যেতিয়া ব্ৰিটেইনৰ ৰজাক বিয়া কৰাইছিল তেতিয়াৰে পৰাই এই ট্ৰি সজোৱাৰ প্ৰচলন আৰম্ভ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ