কাইলৈ ৰাজ্যজুৰি শুভমুক্তি লাভ কৰিব নতুন অসমীয়া বিগ বাজেটৰ ছবি ‘চুপা চুপি’। ৰাজ্যখনৰ মুঠ ৭৫টা চিত্ৰগৃহত ১৯১ টা দৰ্শনীৰে ‘চুপা চুপি’ৰ যাত্ৰা আৰম্ভ হ’ব। ইতিমধ্যে ‘book my show’ৰ জৰিয়তে প্ৰায়সংখ্যক ছবিগৃহতে অগ্ৰীম বুকিঙলৈ দৰ্শকৰ ব্যাপক সঁহাৰি দেখা গৈছে। গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়কে ধৰি বহু সংখ্যক চিত্ৰগৃহত ‘চুপা চুপি’ টিকট বিক্ৰীৰে ইতিমধ্যে হাউছফুল হোৱা দেখা গৈছে। উল্লেখ্য, অসমীয়া সমাজ জীৱন প্ৰতিফলিত হোৱা সম্পূৰ্ণ গ্ৰাম্য পটভূমিত নিৰ্মিত ছবিখন DJ Entertainment আৰু Atlas বেনাৰত নৃপেন দাস আৰু হৃষিকেশ পাটগিৰি দ্বাৰা প্ৰযোজিত। সহঃ প্ৰযোজক ধ্ৰুৱজ্যোতি দাস। ‘চুপা চুপি’ৰ কাহিনী আৰু পৰিচালনা প্ৰণৱ ভৰালীৰ। পৰিয়ালৰ সকলোৰে উপভোগ্য হৈ উঠা ‘চুপা চুপি’ত শেষলৈকে ছাচপেন্স, ৰোমান্স আৰু একশ্যনৰ ভৰপূৰ সমাহাৰ দেখা পাব দৰ্শকে। ছবিখনৰ শ্ৰুতিমধুৰ সংগীত-আৱহ সংগীত আৰু মনোমোহা লোকেশ্যনে মন জয় কৰিব দৰ্শকৰ।
‘চুপা চুপি’ ৱেব ছিৰিজখনৰ নামতে চিনেমাখন নিৰ্মাণ কৰা হৈছে যদিও চিনেমাখনৰ কাহিনী, পটভূমি আৰু চৰিত্ৰ সম্পূৰ্ণ পৃথক৷ এটা সুন্দৰ কাহিনীৰে আগবাঢ়িছে ছবিখনৰ চৰিত্ৰ। ‘চুপা চুপি’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ৱেব ছিৰিজখনত নিজস্ব অভিনয়ৰে দৰ্শকৰ মন জয় কৰা স্নিগ্ধা গগৈ, কৌশিক ভৰদ্বাজ, জিত কলিতা, সপ্তৰ্ষী গগৈ, বৈভৱী গোস্বামী, কিশোৰ তহবিলদাৰকে ধৰি বহু নবীন-প্ৰবীন অভিনয় শিল্পীয়ে৷ ইয়াৰ উপৰিও অসমীয়া চলচ্চিত্ৰ জগৰ প্ৰথিতযশা অভিনেতা অৰুন নাথে এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ এটা ব্যতিক্ৰমী চৰিত্ৰত আৰম্ভণিৰ পৰা শেষলৈকে দেখা যাব যুৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনক৷ এক বিশেষ চৰিত্ৰত দেখিবলৈ পাব যতীন বৰাক। মনোমোহা লোকেশ্যনত ‘চুপা চুপি’ৰ দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে৷ সম্পাদনা উদীপ্ত কুমাৰ ভট্টাচাৰ্যৰ, আৱহ সংগীত অৰ্ণৱ বশিষ্ঠৰ, সাজ-সজ্জা কমল লোচন বৰাৰ, ৰূপ-সজ্জা বিজেয়েতা পাটগিৰি৷ মণ্টু দেউৰীৰ এক্সন নিৰ্দেশনা, কিংশুক মৰাণৰ চাউণ্ড ডিজাইন, শিৱম শইকীয়াৰ কলা নিৰ্দেশনাৰে সমৃদ্ধ ‘চুপা চুপি’৷ ছবিখনৰ সহকাৰী মুখ্য সহকাৰী পৰিচালক সমৰজ্যোতি সৰকাৰ আৰু কাৰ্যবাহী প্ৰযোজক হৰেশ্বৰ মহন্ত আৰু দীপক বৰা৷
ইতিমধ্যে ছবিখনৰ ‘গুঠি ল’লে এটি হাঁহি’ শীৰ্ষক গীতটিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। পলাশ সূৰ্য গগৈৰ সংগীতেৰে সমৃদ্ধ বিশ্ৰুত শইকীয়াই কণ্ঠদান কৰা গীতটিয়ে মুক্তিৰ লগে লগে জনপ্ৰিয়তাৰ শিখৰত উঠে। ইয়াৰ উপৰি দিগন্ত ভাৰতী, পলাশ সূৰ্য গগৈ, ইবছনলাল বৰুৱাই সুমধুৰ সংগীতেৰে সজাই তোলা ছবিখনৰ অন্যান্য গীতসমূহত কণ্ঠ নিগৰাইছে দীক্ষু, নীল আকাশ, দীপান্বিতা ডেকা, বিশ্ৰুত শইকীয়া, আচুৰ্য বৰপাত্ৰগোহাঁই, সুদীপ ৰঞ্জন, ৰূপম ভূঞা আদি জনপ্ৰিয় কণ্ঠশিল্পীয়ে৷
প্ৰথম অৱস্থাত ‘চুপা চুপি’ নামটোক লৈ বিভ্ৰান্ত হৈছিল একাংশৰ৷ নামনি অসমত ‘চুপা চুপি’ৰ অৰ্থ লুকা-চুৰি৷ যিবোৰ কাম বা কথা আনৰ আগত প্ৰকাশ কৰা নহয়, লুকাই-চুৰকৈ যিবোৰ কাৰ্য কৰা হয়, সেই অৰ্থতে ব্যৱহৃত হয় চুপা চুপি৷ চুপা চুপিৰ অগতানুগতিক প্ৰচাৰেও ইতিমধ্যে চিনেমাপ্ৰেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনক দৰ্শকে আদৰি ল’ব বুলি আশাবাদী প্ৰযোজক নৃপেন দাস আৰু পৰিচালক প্ৰণৱ ভৰালী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















