• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

4 months ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

15 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

40 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

9 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

10 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

10 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

11 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

13 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

14 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

১৯৫০ত কেনেকৈ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে?

editor by editor
June 12, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সামাৰোহসমূহৰ ভিতৰত অন্যতম ফিফা বিশ্বকাপ। এইবাৰ আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাৰ মেচসমূহ ১৬খন চহৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগে লগেই মেক্সিকো বিশ্বৰ প্ৰথম দেশ হিচাপে তৃতীয়বাৰলৈ বিশ্বকাপ আয়োজনৰ গৌৰৱ লাভ কৰিব। ইয়াৰ আগতে ১৯৭০ আৰু ১৯৮৬ চনৰ বিশ্বকাপো মেক্সিকোতেই অনুষ্ঠিত হৈছিল। এইবাৰ ৪খন নতুন দেশে ফুটবল বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিছে, সেই দেশকেইখন- কেপ ভাৰ্ডে, কুৰাছাও, জৰ্ডান আৰু উজবেকিস্তান.

 ১৯৫০ত কেনেকৈ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে?

সম্প্ৰতি প্ৰায় ডেৰকোটি জনসংখ্যাৰ দেশ ভাৰতে কেতিয়াও ফুটবল বিশ্বকাপ খেলিবলৈ সুযোগ পোৱা নাই। কিন্তু ১৯৫০ চনৰ ব্ৰাজিল বিশ্বকাপত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ভাৰতে। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত ফুটবল বিশ্বকাপ আয়োজন কৰা নহ’ল। ১২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত ১৯৫০ চনত ব্ৰাজিলত পুনৰ ফুটবল বিশ্বকাপ অনুষ্ঠিত হৈছিল। ১৯৫০ত সমগ্ৰ বিশ্বৰ মাত্ৰ ৩৩খন দেশেই বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণয়কাৰী মেচসমূহত অংশগ্ৰহণ কৰিছিল। ভাৰতে ম্যানমাৰ (সেই সময়ৰ ব্ৰহ্মদেশ) আৰু ফিলিপাইনছৰ সৈতে কুৱালিফায়িং গ্ৰুপ-১০ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু দেশ মুহূৰ্তত যুদ্ধ জৰ্জৰ দুয়োখন দেশেই প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ ফলশ্ৰুতিত যোগ্যতা অৰ্জনকাৰী এখনো মেচ নেখেলাকৈয়ে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে। বিশ্বকাপৰ গ্ৰুপ ৩ত ভাৰতক ছুইডেন, ইটালী আৰু পাৰাগুৱেৰ সৈতে ৰখা হৈছিল। উল্লেখযোগ্য কথাটো হৈছে এই গ্ৰুপটোৰ পাৰাগুৱে সেই সময়ত যথেষ্ট শক্তিশালী দল আছিল। আনহাতে ইটালীৰ বহু মূল খেলুৱৈয়ে সেই সময়ত বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত আছিল আৰু ব্ৰাজিলত উপস্থিত হোৱাৰ পিছতে প্ৰশিক্ষক ভিটোৰঅ’ পজজোৱেও পদত্যাগ কৰিছিল। বিশ্বৰ প্ৰখ্যাত ক্ৰীড়া সাংবাদিক নোভি কাপাডিয়াই তেওঁৰ বিশ্বকাপ গাইডত এই দৃষ্টিকোণেৰে লিখিছে যে- ১৯৫০ ফুটবল বিশ্বকাপত ভাৰতে অংশগ্ৰহণ কৰিলে পৰৱৰ্তী ৰাউণ্ডত যোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। বিশ্বকাপত বিশ্বমানৰ দলৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতাই ফুটবলৰ ক্ষেত্ৰত ভাৰতৰ ইতিহাস সলনি কৰাৰো যথেষ্ট সম্ভাৱনা আছিল। ১৯৫০ত বিশ্বকাপত অংশগ্ৰহণ কৰিলে হয়টো ভাৰতত আজি ফুটবলৰ কাহিনী অন্য দিশত গতি কৰিলেহেঁতেন। কিয়নো ১৯৪৮ত লণ্ডন অলিম্পিকত ভাৰতে ফান্সৰ দলে শক্তিশালী দলৰ বিৰুদ্ধে মাত্ৰ ২-১ গলৰ ব্যৱধানত পৰাস্ত হৈছিল। লণ্ডন অলিম্পিকত বহু ভাৰতীয় খেলুৱৈ খালী ভৰিৰেই খেলিছিল। সেই সময়ত আহমেদ খান, এছ ৰমন, এম এ ছত্তাৰ, এছ মোৱালালৰ দৰে খেলুৱৈৰ জনপ্ৰিয়তা আকাশলংঘী আছিল।

ভাৰতে ১৯৫০ বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

ভাৰতে ফুটবল বিশ্বকাপ ইতিহাসত এবাৰেই যোগ্যতা অৰ্জন কৰিও কিয় অংশগ্ৰহণ নকৰিলে ইয়াৰ কোনো স্পষ্ট আৰু প্ৰমাণিক উত্তৰ নাই। বুট নিপিন্ধাকৈ ভাৰতীয় খেলুৱৈসকলে খেলিব বিচৰা আৰু FIFAই অনুমতি নিদিয়াৰ এটা কাহিনী বা থিয়ৰী প্ৰায়ে গুজব হিচাপে চলি থাকে যদিও এয়া সত্য নহয়। ১৯৫০ দশকৰ আৰম্ভণিলৈ বুট পিন্ধি খেলুৱৈয়ে খেলপথাৰত নামিব লাগিব বুলি কোনো বাধ্যবাধকতা নিয়ম নাছিল। বহু নামি-দামী খেলুৱৈয়ে সেই সময়ত বুটৰ সলনি ভৰিত মোটা কাপোৰ বা বেণ্ডেজ পিন্ধিয়েই খেলিছিল। সাংবাদিক জয়দ্বীপ বসুৱে তেওঁৰ ‘Box to Box: 75 Years of the Indian Football Team’ নামৰ গ্ৰন্থখনৰ এই সন্দৰ্ভত লিখিছে যে ১৯৫০ত ভাৰতীয় খেলুৱৈৰ কিট বেগত বুট মজুত আছিল বুলি উল্লেখ কৰিছে।
আনহাতে ধনৰ অভাৱত ব্ৰাজিললৈ যাব নোৱাৰাৰ যুক্তিৰে বিশেষ ভিত্তি নাই। জয়দীপ বসুৰ তথ্য অনুসৰি ভাৰতৰ তিনিখন ৰাজ্যিক ফুটবল সংস্থাই ব্যয় বহন কৰিবলৈ আগবাঢ়ি আহিছিল। ব্ৰাজিল চৰকাৰ আৰু আয়োজক পক্ষই ভাৰতীয় দলৰ যাত্ৰা ব্যয়ৰ অধিকাংশ বহন কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছিল। ব্ৰাজিল চৰকাৰে আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈ বিচৰাৰ দুটা অন্যতম কাৰণ আছিল-স্কটলেণ্ড, ফ্ৰান্স, তুৰস্ক আৰু চেকোশ্লোভাকিয়াৰ দৰে কেইবাখনো দেশে প্ৰতিযোগিতা ত্যাগ কৰিছিল আৰু আনটো হৈছে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দেশ ভাৰতক বিশ্বকাপত অংশগ্ৰহণ কৰোৱাবলৈ ব্ৰাজিল আগ্ৰহী আছিল। ১৯৫০ চনৰ ১৬ মে’ তাৰিখে ভাৰতৰ বিশ্বকাপলৈ যাবলগীয়া দলটো ঘোষণা হৈছিল আৰু সেই অনুসৰি ১৫ জুনত ব্ৰাজিললৈ ভাৰতীয় দলটো যাত্ৰা কৰাৰ কথা আছিল আৰু ২৫ জুনত পাৰাগুৱেৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ আছিল। কিন্তু ইয়াৰ পিছতেই ফুটবল বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰহস্যটোৰ জন্ম হল, ঘোষণা হল যে ভাৰতে ফুটবল বিশ্বকাপ খেলিবলৈ ব্ৰাজিললৈ নাযায়।

১৯৫০ত ব্ৰাজিললৈ নোযোৱাৰ কি হ’ব পাৰে মুখ্য কাৰণ?

সেই সময়ত আজিৰ দৰে বিশ্বকাপ ফুটবলৰ গ্লেমাৰ আৰু বাণিজ্যিক মূল্য নাছিল। কিন্তু ইয়াৰ বিপৰীতে অলিম্পিক বা এছিয়ান গেমছৰ ওপৰত বিশ্বৰ প্ৰতিখন দেশে অধিক গুৰুত্ব দিছিল। ভাৰতীয় হকী দলটো এটা চেম্পিয়ন দল আছিল। অলিম্পিকত সফলতা লাভ কৰাটোৱেই ক্ৰীড়াজগতৰ সৰ্বোচ্চ লক্ষ্য হিচাপে গণ্য কৰা হৈছিল। ১৯৫১ত দিল্লীত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ অনুষ্ঠিত হ’বলৈ গৈ আছিল। ফলত ভাৰতীয় ফুটবল কৰ্তৃপক্ষই বিশ্বকাপতকৈ অলিম্পিক আৰু এশিয়ান গেমছক অধিক গুৰুত্ব দিছিল। ইয়াৰ অন্যতম কাৰণ আছিল সেইসময়ত বিশ্বকাপ খেলিলে খেলুৱৈসকলক পেছাদাৰী খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। পেছাদাৰী খেলুৱৈসকলক অলিম্পিক, এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণত অনুমতি দিয়া নহৈছিল। সম্ভৱতঃ অলিম্পিক আৰু এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ হেৰুৱাৰ আশংকাতেই বিশ্বকাপ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
১৯৫০ চনৰ বিশ্বকাপত ভাৰতে যোগ্যতা অৰ্জন কৰিও অংশ্ৰগ্ৰহণ নকৰাটো আজিও ভাৰতীয় ফুটবলপ্ৰেমীৰ বাবে এক গভীৰ আক্ষেপৰ বিষয়। প্ৰতি চাৰি বছৰৰ মূৰত বিশ্বকাপ অনুষ্ঠিত হ’লেই সেই অপূৰণীয় সুযোগৰ কাহিনীয়ে অনুৰাগীক আমনি কৰে। যদি ভাৰত ১৯৫০ চনৰ ফুটবল বিশ্বকাপ খেলিলেহেঁতেন, তেন্তে হয়টো ভাৰতীয় ফুটবলৰ ইতিহাস বৰ্তমান সময়তকৈ যথেষ্ট উন্নত হ’লহেঁতেন।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
Next Post
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ'ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.