• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

4 months ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

14 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

40 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

9 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

10 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

10 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

11 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

13 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

14 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

বয়স ধৰি ৰখোৱা ঔষধৰ প্ৰথমবাৰৰ বাবে মানুহৰ ওপৰত পৰীক্ষা

editor by editor
June 12, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহৰ ভিতৰত এটা হৈছে ‘ৰিভাৰ্ছ-এজিং’ অৰ্থাৎ বয়স বৃদ্ধিৰ প্ৰভাৱ ৰোধ কৰা দৰৱ উদ্ভাৱন কৰা। এই ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে। ইতিমধ্যে প্ৰথমবাৰৰ বাবে মানুহৰ ওপৰত বয়সৰ বৃদ্ধিৰ প্ৰভাৱ  ৰোধ কৰিব পৰা এক বিশেষ ইনজেকচনৰ পৰীক্ষণ আৰম্ভ হৈছে। আমেৰিকাৰ ব’ষ্টনত অৱস্থিত বায়’টেক ষ্টাৰ্টআপ লাইফ বায়’ছায়েন্সে জনাইছে যে তেওঁলোকৰ প্ৰথমজন ৰোগীক ইতিমধ্যে চেলুলাৰ ৰিপ্ৰ’গ্ৰামিং ভিত্তিক ইনজেকচন প্ৰয়োগ কৰা হৈছে। পৰীক্ষাৰ অংশ হিচাপে এই ইনজেকচন গ্লুকোমা ৰোগত আক্ৰান্ত এজন ব্যক্তিৰ এটা চকুত প্ৰয়োগ কৰা হৈছে। এই ট্ৰায়েলৰ মূল উদ্দেশ্য হৈছে বয়স বৃদ্ধিৰ ফলত দুৰ্বল হৈ পৰা কোষসমূহক পুনৰ সজীৱ, সক্ৰিয় আৰু যুৱ অৱস্থালৈ ঘূৰাই অনা। আগন্তুক ছয় মাহ ধৰি বিজ্ঞানীসকলে এই চিকিৎসাৰ ফলাফল আৰু সম্ভাৱ্য পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহ সুক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিব।

ইতিমধ্যে এন্দুৰ আৰু বান্দৰৰ ওপৰত সফল পৰীক্ষণ সম্পন্ন

চিকিৎসক আৰু বিজ্ঞানীসকলে এতিয়া কেইবামাহ ধৰি পৰীক্ষণ কৰা ৰোগীজনৰ স্বাস্থ্যৰ ওপৰত সূক্ষ্ম নজৰ ৰাখিব, যাতে নিশ্চিত হ’ব পৰা যায় যে এই প্ৰযুক্তি মানুহৰ শৰীৰৰ বাবে সম্পূৰ্ণৰূপে নিৰাপদ হয় নে নহয়। এই থেৰাপীত প্ৰথমে ৰোগীৰ চকুত এক বিশেষ জিন থেৰাপী ইনজেকচন প্ৰয়োগ কৰা হয়। ইয়াৰ পিছত কেইসপ্তাহমান ধৰি বিশেষ ধৰণৰ এণ্টিবায়’টিক ঔষধ গ্ৰহণৰ প্ৰক্ৰিয়া চলোৱা হয়। এই এণ্টিবায়’টিক ঔষধে শৰীৰৰ ভিতৰত উপস্থিত তিনিটা চিকিৎসামূলক জিনৰ বাবে এক প্ৰকাৰৰ “অন-ছুইচ” হিচাপে কাম কৰে। ফলস্বৰূপে এই জিনসমূহে কোষক পুনৰ প্ৰ’গ্ৰাম কৰি অধিক যুৱ আৰু সক্ৰিয় অৱস্থালৈ ঘূৰাই নিবলৈ আৰম্ভ কৰে। ইয়াৰ আগতে এন্দুৰ আৰু বান্দৰৰ ওপৰত চলোৱা পৰীক্ষাত এই পদ্ধতিয়ে সফলভাৱে দৃষ্টিশক্তি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
এই থেৰাপীৰ বাবে মানুহৰ চকুক বাছনি কৰাৰ মূল কাৰণ হৈছে যে চকু শৰীৰৰ আন অংগসমূহৰ তুলনাত অধিক পৃথক আৰু সুৰক্ষিত। ফলত সম্ভাৱ্য পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহ সহজে চিনাক্ত আৰু পৰ্যবেক্ষণ কৰিব পৰা যায়।

পৰীক্ষা সফল হ’লে এজিং থেৰাপীয়ে নতুন যুগৰ সূচনা কৰিব

লাইফ বায়’ছায়েন্সেছৰ মুখ্য কাৰ্যবাহী বিষয়া জেৰী মেকলাফলিনে এই সন্দৰ্ভত কয় যে-এই মুহূৰ্তটো কেৱল তেওঁলোকৰ কোম্পানী বা এজিং বায়’লজিৰ বাবেই নহয়, সমগ্ৰ চিকিৎসা বিজ্ঞানৰ বাবেও এক সম্ভাৱ্যভাৱে যুগান্তকাৰী আৰু পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে বিবেচিত হ’ব। যদি এই ক্লিনিকেল ট্ৰায়েল সফল হয়, তেন্তে এজিং থেৰাপীৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণি হ’ব পাৰে। ইয়াৰ চূড়ান্ত লক্ষ্য হৈছে সমগ্ৰ শৰীৰৰ কোষসমূহক পুনৰ যুৱ আৰু সক্ৰিয় কৰি তোলা, যাতে বয়স বৃদ্ধিৰ লগে লগে DNAৰ কাৰ্যক্ষমতা আৰু জিন এক্সপ্ৰেছনৰ ধৰণ উন্নত কৰিব পৰা যায়।
কোটিপতি বিনিয়োগকাৰী আৰু ঔষধ কোম্পানীসমূহৰ আগ্ৰহ। এই অত্যাধুনিক প্ৰযুক্তিত আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছ আৰু অ’পেন এআইৰ CEO ছেম অল্টমেনকে ধৰি বহু প্ৰভাৱশালী বিনিয়োগকাৰীয়ে ধন বিনিয়োগ কৰিছে। তদুপৰি এলাই লিলি আৰু মাৰ্কৰ দৰে বিশ্বখ্যাত ঔষধ নিৰ্মাতা কোম্পানীসমূহেও এই ক্ষেত্ৰত নিজৰ বিনিয়োগ বৃদ্ধি কৰিছে। মানুহৰ ওপৰত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে এই গৱেষণা কেৱল এন্দুৰ আৰু বান্দৰৰ মাজতেই সীমাবদ্ধ আছিল। এতিয়া প্ৰথমবাৰৰ বাবে এই যুগান্তকাৰী গৱেষণাই মানুহৰ ওপৰতো প্ৰয়োগৰ পৰ্যায়ত উপনীত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24life sciences
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
Next Post
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.