• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

4 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

3 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

4 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

4 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

5 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

5 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

6 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

6 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

8 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

10 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

ইংলেণ্ডৰ সেউজ ঘাঁহনিত শ্ৰেষ্ঠত্বৰ মহাৰণত যুঁজ দিব ১২টা দলে

editor by editor
June 12, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা ইংলেণ্ডৰ সেউজ ঘাঁহনিত মহিলা ক্ৰিকেটৰ সবাটোকৈ গ্লেমাৰাছ সংস্কৰণটোৰ বিশ্বযুদ্ধ আৰম্ভ হ’ব। বাৰ্মিংহাম ষ্টেডিয়ামত আজি উদ্বোধনী মেচত আয়োজক ইংলেণ্ডৰ মুখামুখি হ’ব চামাৰি আটাপাট্টুৰ শ্ৰীলংকা। এইবাৰ মহিলা T20 বিশ্বকাপত মুঠ ১২টা দলে অংশগ্ৰহণ কৰিব। বিশ্বজয়ৰ বাবে অংশগ্ৰহণ কৰিবলগীয়া দলকেইটা ইংলেণ্ড, টীম ইণ্ডিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, স্কটলেণ্ড, আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডছ।

শ্ৰেষ্ঠত্বৰ দৌৰত কোন আগত আছে?

অষ্ট্ৰেলিয়া
বৰ্তমানৰ ফৰ্ম, বিশ্বকাপৰ ইতিহাস, দলীয় সংযোজনৰ ভিত্তিত অষ্ট্ৰেলিয়া, ভাৰত, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক খিতাপৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে গণ্য কৰিব পাৰি। মহিলা ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ দৰে সফল দল আৰু দ্বিতীয়টো কোনো নাই। অষ্ট্ৰেলিয়াই ৯বাৰকৈ অনুষ্ঠিত হোৱা T20 বিশ্বকাপৰ ভিতৰত ৬বাৰেই চেম্পিয়নৰ মুকুট পৰিধান কৰিছে। এলিছা হিলীৰ বিদায়ৰ পিছত ছ’ফি মলিনিউক্সৰ নেতৃত্বত দলটোৱে এইবাৰ অভিযান আৰম্ভ কৰিব। এলিছ পেৰী, বেথ মুনি, এছলী গাৰ্ডনাৰ, তাহলিয়া মেকগ্ৰা আৰু মেগান শ্বাটৰ দৰে তাৰকা খেলুৱৈৰ উপস্থিতিয়ে দলটোক অধিক শক্তিশালী কৰি তোলে। ৮০% মেচতে সফলতাৰ মুখ দেখা একমাত্ৰ দল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই T20 বিশ্বকাপত ৪৯খন মেচ খেলি এই পৰ্যন্ত জয়লাভ কৰিছে ৩৯খনত। T20 বিশ্বকাপত দলটোৰ জয়ৰ হাৰ ৮০.৬%। T20 বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ দলীয় স্ক’ৰ ১৯১ ৰান। বিগত ডেৰ বছৰত অষ্ট্ৰেলিয়াই ১২খন T20 মেচৰ ভিতৰত ১০খনতেই জয়লাভ কৰিছে। অৱশ্যে অন্য দলসমূহৰ বাবে সকাহৰ কাৰণ এয়াই যে বিগত ২০২৫ৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ হাতত আৰু ২০২৪ চনৰ T20 বিশ্বকাপৰ ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হৈছিল অষ্ট্ৰেলিয়া। ইয়াৰ উপৰিও নেতৃত্বৰ অভিজ্ঞতাৰে মলিনিউক্স সম্পূৰ্ণ নতুন । ছ’ফি মলিনিউক্সৰ বাবে এয়া প্ৰথম ICC প্ৰতিযোগিতা। মলিউক্সে এই পৰ্যন্ত ৬খন মেচত অষ্ট্ৰেলিয়াক নেতৃত্ব দি ৪খনত জয়লাভ কৰাৰ বিপৰীতে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে।
ভাৰত
২০২৫ত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছিল ভাৰতে। সেই দিশেৰে দলটোৰ আত্মবিশ্বাস এতিয়া তুংগত। হৰমনপ্ৰীৎ কৌৰৰ নেতৃত্বত T20 বিশ্বকাপ জয় কৰি একেৰাহে দুটা ICC খিতাপ জয় কৰা দল হোৱাৰ সুযোগ আছে ভাৰতৰ সন্মুখত। এই পৰ্যন্ত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ দল অষ্ট্ৰেলিয়া। ২০২০ত T20 বিশ্বকাপ ফাইনেল খেলাৰ অভিজ্ঞতা আছে ভাৰতৰ। ভাৰতে টি-২০ বিশ্বকাপত এই পৰ্যন্ত ৪০খন মেচ খেলি ২২খনত জয় আৰু ১৮খনত পৰাজয়ৰ সন্মুখীন হৈছে। T20 বিশ্বকাপত ভাৰতৰ জয়ৰ হাৰ ৫৫%। ভাৰতে ২০২০ৰ ফাইনেল আৰু ২০১৮, ২০২৩ত ক্ৰমে ছেমিফাইনেল খেলিছিল। ভাৰত এইবাৰ এইবাবেই হট ফেভাৰিট কাৰণ বিগত ডেৰ বছৰত T20ত আটাইতকৈ বেছি জয়লাভ কৰা দলটোৱেই হৈছে ভাৰত। ২০২৫-২৬ৰ সময়ছোৱাত ভাৰতে ২১খন T20 মেচ খেলি ১২খনত জয়লাভ কৰিছে, এয়া ICCৰ পূৰ্ণাংগ সদস্যসকলৰ ভিতৰত জয়ৰ সৰ্বাধিক পৰিসংখ্যা। অৱশ্যে ভাৰতে শেহতীয়াকৈ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজ পৰাস্ত হৈছিল ইয়াৰ বিপৰীতে ঘৰুৱা মাটিত শ্ৰীলংকা আৰু শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। হৰমনপ্ৰীৎ কৌৰৰ নেতৃত্বত ভাৰতে ৮১খন T20 আন্তঃৰাষ্ট্ৰীয় মেচত সফলতা অৰ্জন কৰিছে। মহিলা T20 বিশ্বকাপত কৌৰৰ নেতৃত্বত ভাৰতে ১৯খন মেচৰ ১৩খনত জয় আৰু ৬খনত পৰাজয়ৰ সন্মুখীন হৈছে। স্মৃতি মন্ধানা ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য মুখ। ভাৰতৰ প্ৰদৰ্শন বহুখিনি মান্ধানাৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ উপৰিও উইকেটকীপাৰ বেটাৰ ৰিচা ঘোষেও যিকোনো মুহূৰ্ততে বিধ্বংসী ৰূপ লৈ বিপক্ষকক তছনছ কৰি দিব পাৰে। ৰিচা ঘোষৰ দৰে ফিনিশ্বাৰ সাম্প্ৰতিক সময়ত মহিলা T20ত খুব কমেই আছে। ইয়াৰ উপৰিও ছেফালি বৰ্মা, জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা আৰু ৰেণুকা সিং ঠাকুৰৰ দৰে খেলুৱৈৰ ওপৰতো দলৰ ফলাফল বহুখিনি নিৰ্ভৰ কৰিব। শেহতীয়াকৈ ইংলেণ্ডত হৈ যোৱা শৃংখলাত স্পীনাৰ শ্ৰেয়ংকা পাটিলেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। সকলো দলৰ ভিতৰতে ভাৰতৰ স্পীন ডিপাৰ্টমেণ্ট অধিক শক্তিশালী, মহিলা T20 মেচত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
ইংলেণ্ড
২০০৯ চনত প্ৰথম মহিলা T20 বিশ্বকাপ জয় কৰা ইংলেণ্ডে ইয়াৰ পিছত আৰু খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। ২০১২, ২০১৪ আৰু ২০১৮ত দলটোৱে ফাইনেল খেলিছিল যদিও ৰানাৰ্ছ-আপতে ক্ষান্ত থাকিবলগীয়া হৈছিল। ৭৫% জয়ৰ হাৰে দ্বিতীয় সৰ্বাধিক সফল দল ইংলেণ্ড। ইংলেণ্ডে প্ৰতিযোগিতাখনত ৪২খন মেচ খেলি ৩১খনত জয়লাভ কৰাৰ বিপৰীতে ১০খনত পৰাজয়ৰ সন্মুখীন হৈছে। একেদৰে ইংলেণ্ডে এইবাৰ চিনাকি পৰিৱেশত ঘৰৰ মাটিত খেলিব যি যিকোনো দলৰ বাবে এটা ধনাত্মক দিশ। ইংলেণ্ডে শেহতীয়াকৈ নিউজীলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে ২-১ ব্যৱধানত শৃংখলা দখল কৰিছে। উল্লেখযোগ্য যে অধিনায়িকা নেট ছিভাৰ-ব্ৰাণ্টৰ অনুপস্থিতিতো দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। এলিছ কেপছি, ছ’ফি এক্লেষ্টোন, চাৰ্লি ডিন আৰু হিদাৰ নাইট বৰ্তমান ভাল ফৰ্মত আছে। দলটোৰ কেপ্টেইন নেট ছিভাৰ-ব্ৰাণ্টে ঘৰুৱা ক্ৰিকেট খেলাৰ সময়ত আঘাত পাইছিল যদিও এতিয়া সম্পূৰ্ণ সুস্থ আৰু বিশ্বকাপত দলটোক নেতৃত্ব দিব। তেওঁৰ নেতৃত্বত ইংলেণ্ডে ১৬খন টি-২০ মেচৰ ভিতৰত ১১খনত জয়লাভ কৰিছে।
দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকাই ক্ৰমাগতভাৱে বিগত তিনিটাকৈ ICC টুৰ্নামেণ্টৰ ফাইনেল খেলিছে। ইয়াৰে এটা ODI বিশ্বকাপৰ ফাইনেল আৰু দুটাকৈ টি-২০ বিশ্বকাপৰ ফাইনেল খেলিছে। ২০২৩ চনত অষ্ট্ৰেলিয়া আৰু ২০২৪ চনত নিউজীলেণ্ডৰ হাতত ফাইনেলত পৰাস্ত হৈ ৰানাৰ্ছ আপতে ক্ষান্ত আছিল প্ৰোটিয়াছ বাহিনী। ইয়াৰ উপৰিও ২০২৫ৰ এদিনীয়া বিশ্বকাপৰো ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হৈছিল দলটো। বিগত তিনিখনকৈ ফাইনেলত কৰা ভুলৰ শুধৰণি কৰাৰ সময় এতিয়া দক্ষিণ আফ্ৰিকাৰ। দক্ষিণ আফ্ৰিকাই মহিলা টি-২০ বিশ্বকাপত ৩৯খন মেচ খেলি ১৮খনত জয়লাভ কৰিছে। দলটোৰ জয়ৰ হাৰ মাত্ৰ ৪৬%। কিন্তু শেহতীয়া ICC প্ৰতিযোগিতাসমূহত দলটোৱে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। লৌৰা উলভাৰ্টৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাই ২১খন টি-২০ মেছত জয়লাভ কৰিছে। উলভাৰ্টৰ নেতৃত্বতেই দক্ষিণ আফ্ৰিকাই এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলিছিল। তেওঁ ছেমিফাইনেল আৰু ফাইনেল দুয়োখনতে শতক অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান স্ক’ৰাৰো আছিল। দলটোত মাৰিজান কাপ, ছুনে লুছ, ক্ল’ই ট্ৰায়ন, নদিন দি ক্লাৰ্ক আৰু ডেন ভান নিইকাৰ্কৰ দৰে অভিজ্ঞ খেলুৱৈ আছে। মহিলা ক্ৰিকেটৰ স্পীডষ্টাৰ ছবনম ইছমাইলৰ প্ৰত্যাৱৰ্তনে দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণক আৰু অধিক শক্তিশালী কৰি তুলিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Icc Women World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

মহিলাৰ দৰে পুৰুষৰো হ'ব পাৰে নেকি স্তন কেঞ্চাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.