মেট্ৰিক পৰীক্ষা দি উভতি আহিয়ে হোষ্টেলত সন্তান জন্ম দিলে ছাত্ৰীয়ে, চাৰিওফালে হাহাকাৰ
বিদ্যালয়ৰ হোষ্টেলত বাস কৰা এগৰাকী ছাত্ৰী৷ মেট্ৰিক পৰীক্ষা দি উভতি আহি হোষ্টেলতে জন্ম দিয়ে এটি সন্তান৷ ?ই ঘটনাই এতিয়া চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনা ওড়িশাৰ৷
ওড়িশাৰ মালকানগিৰি জিলাৰ এখন আৱাসিক বিদ্যালয়ত দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে জন্ম দিয়ে সন্তান। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ব’ৰ্ডৰ পৰীক্ষা দি হোষ্টেললৈ উভতি অহাৰ পাছতএ সোমবাৰে ছাত্ৰীগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান।
তদন্তত অনুসূচিত জাতি-জনজাতিৰ উন্নয়ন, সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত বিদ্যালয়খনৰ অধ্যক্ষই ছোৱালীৰ হোষ্টেলত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ বুলি জানিবলৈ দিয়ে। লগতে ইয়াকো কয়,- ছাত্ৰীগৰাকী কেনেকৈ গৰ্ভৱতী হয় সেই সন্দৰ্ভতো কোনো জ্ঞান নাই৷
উল্লেখ্য যে, বিদ্যালয়খনত স্বাস্থ্যকৰ্মীসকলক প্ৰতি সপ্তাহত সকলো ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া আছে। কিন্তু এই ঘটনাৰ পৰা দেখা যায় যে স্বাস্থ্যকৰ্মীসকলে নিজৰ কাম সঠিকভাৱে কৰা নাই।
ছাত্ৰীগৰাকীয়ে সন্তান জন্ম দিয়াৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকী লগতে সন্তানক হাস্পতাললৈ নিয়ে৷ বৰ্তমানে মাতৃ আৰু সন্তানৰ অৱস্থা সুস্থিৰ।
ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে কয় যে ৯ মানে গৰ্ভত সন্তান থকাৰ পাছত তথা পৰীক্ষাৰ পৰা উভতি অহাৰ পাছত প্ৰসৱৰ বিষ হ’বলৈ আৰম্ভ হোৱালৈকে বিদ্যালয় প্ৰশাসনে অভিভাৱকক এই বিষয়ে কোনো খবৰ কৰা নাছিল, বৰঞ্চ খবৰটো লুকুৱাই ৰাখিছিল ।
জিলা কল্যাণ বিষয়াই জনোৱা মতে, ছুটীৰ বাবে ঘৰলৈ যোৱাৰ সময়তে ছাত্ৰীগৰাকী হয়তো গৰ্ভৱতী হৈছিল। বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এজন সন্দেহজনক যুৱকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ