অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰত কেৱল হিন্দু ধৰ্মাৱলম্বীসকলে কাম কৰা উচিত বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নায়ডুয়ে৷ ইয়াৰ সৈতে তেওঁ জনাইছে যে সেই মন্দিৰত কৰ্মৰত অন্য ধৰ্মাৱলম্বীসকলক অন্য স্থানলৈ বদলি কৰা হব৷ নাতি দেবাংশ নায়ডুৰ জন্মদিন উপলক্ষে পূজা দিবলৈ শুক্ৰবাৰে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰলৈ গৈছিল চন্দ্ৰবাবু৷
তাতেই তেওঁ নিজৰ হাতেৰে ভক্তসকলক প্ৰসাদ বিতৰণ কৰে৷ অন্ধ্ৰৰ শাসকদল তেলুগু দেশম পাৰ্টিৰ প্ৰধান চন্দ্ৰবাবুয়ে কয়, ‘অন্য ধৰ্মাৱলম্বীয়ে যদি এতিয়া মন্দিৰত কাম কৰি আছে তেতিয়া সন্মানৰ সৈতে অন্য স্থানলৈ বদলি কৰিব পাৰে৷ কোনো খ্ৰীষ্টিয়ান বা ইছলাম ধৰ্মাৱলম্বীয়ে যদি হিন্দু ধৰ্মীয় স্থানত কাম কৰাটো উচিত নহয়৷ তেওঁলোকক সন্মান জনাই অন্য স্থানলৈ বদলি কৰা হব৷
মন্দিৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানমত দুমাহ পূৰ্বে ১৮গৰাকী অহিন্দু কৰ্মীক বদলি কৰি দিয়া হৈছে৷ তাৰ পূৰ্বে লাড্ডু বিতৰ্কৰ জোৰত সংবাদ শিৰোনামত আহিছিল এই মন্দিৰ৷ শুক্ৰবাৰে চন্দ্ৰবাবুৱে জনাই যে তিৰুপতি এলেকাত পূৰ্বতন ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰে তিৰুপতিৰ ওচৰত যি তিনিখন হোটেলক মাটি দিছিল সেই মাটি আকৌ উভতাই লোৱা হব৷ অন্ধ্ৰৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে মন্দিৰ এলেকাৰ বিশুদ্ধতা ৰক্ষা কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ