ৰাজ্যৰ বিভিন্নজনৰ পৰা ওপজা দিনৰ শুভেচ্ছা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ দিনটোতেই ৰাজ্যবাসীলৈ কেইবাটাও প্ৰকল্প উপহাৰ দিয়ে৷ শনিবাৰে পুৱা ৰাজ্যৰ ১৪ সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱাৰ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫ খন বিছনাৰ সুবিধা থাকি আৰু ই এক সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ’ব বুলি ঘোষণা কৰে৷
মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা পৰ্টেল এটাও আভাসীভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে৷ ২.৫ কোটি টকা ব্যয়েৰে প্ৰস্তুত কৰা হৈছে এই প্ৰকল্প৷ ১০ হাজাৰৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই পৰ্টেলত অন্তৰ্ভূক্ত কৰা হৈছে৷
মুখ্যমন্ত্ৰীয়ে একে অনুষ্ঠানতেই ৰাজ্যৰ ১ কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰিছে৷ ইণ্ডাছ টাৱাৰৰ সহযোগিতাত অসম চৰকাৰ আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ এই পদক্ষেপে বহু লোকৰ এক নিৰাপদ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়৷ লগতে মুখ্যমন্ত্ৰীয়ে ৰোগীৰ কোনো অসুবিধা নোহোৱাকৈ যিকোনো সময়তে সেৱা আগবঢ়াবলৈ চিকিৎসকসকলক আহ্বান জনায়৷
ইয়াৰোপৰি জাগীৰোড তথা মৰিগাওঁবাসীৰ সমস্যা দূৰ কৰিবলৈ জাগীৰোজ আৰু মৰিগাঁৱৰ মুল পথত কপিলীৰ ওপৰক নিৰ্মাণ কৰা ২ লেনযুক্ত দলংখন উদ্বোধন কৰে৷ ইয়াৰোপৰি জাগীৰোডত আছাম ইলেক্ট্ৰনিকথ এণ্ড ছেমিকণ্ডাক্টৰ লজিষ্টিক পাৰ্কৰ ক্ষেত্ৰ উন্নীতকৰণৰ কামৰো শুভাৰম্ভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ