ইণ্ডিয়ান টাইম অনুসৰি নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ৷
এয়াৰপৰ্টৰ ভিতৰত সম্বৰ্ধনা জনোৱাৰ নিয়ম নাথাকে৷
এয়াৰপৰ্টৰ ভিতৰলৈ যাবৰ বাবে মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটাই অনুমতি বিচাৰিছে৷
ভিতৰত দুয়োগৰাকীয়ে সম্বৰ্ধনা জনাব জুবিন গাৰ্গক৷
ৰনোজ পেগু, বিমল বৰাক জুবিনৰ কলা কুশলী আৰু দল সংগঠনৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
আলোচনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে আমি একো কৰিব নোৱাৰো৷
পৰিয়ালৰ মতামতো খুবেই গুৰুত্বপূৰ্ণ৷ চৰকাৰে পৰিয়ালৰ আবেগকো সমানেই গুৰুত্ব দিব লাগিব৷
জুবিন উভতি আহক বুলি অসমবাসীয়ে এতিয়া বিচাৰিছে, গতিকে এতিয়া জুবিন ভালে কুশলে অসম পোৱাটোৱেই লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















