কেতিয়াবা কেতিয়াবা মানুহে সহ্য কৰিব লাগে৷ মই সহ্য কৰি আছো৷ ধৈৰ্য্য ধৰি আছো৷ সীমা পাৰ কৰিলে আমি আৰু ৰৈ নাথাকো৷ কাৰণ মই ‘I am the product of Movement’
মোৰ বাংলাক অসন্মান কৰিব মই চাই নাথাকো৷ মোক বহু গালি পাৰিছে, মোক অসন্মান কৰিছে৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছো৷ এটা কথাই দেখিছো এওঁলোকে কোনো প্ৰতিশোধ লোৱা নাই৷ মই কৈছিলো এওঁলোকৰ বিৰুদ্ধে কঠোৰ হওক কিন্তু এতিয়াও ধৰ্ষণকাৰীৰ বিৰুদ্ধে কোনো শাস্তি লোৱা দেখা পোৱা নাই৷ মই অশান্তি আৰু বিচৰা নাই৷ কুৎসা আৰু অপপ্ৰচাৰ চলাই আছে৷
শুকুৰবাৰৰ পৰা কলেজৰ গেটত ফাঁছীৰ দাবিত আমাৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব৷ মই সকলো ব্লকক অনুৰোধ কৰিম ফেক ভিডিঅ’ৰ কাউণ্টাৰ দিয়ক৷ ব্লক প্ৰেছিডেণ্টসকলক কম, শনিবাৰে সকলো ব্লকত মিছিল হ’ব ধৰ্ণা হ’ব৷ বিয়লি ২ বজালৈকে এই আন্দোলন চলিব৷ ১ ছেপ্টেম্বৰত ৰাজ্যৰ কন্যাসকলে আন্দোলন কৰিব৷ ধৰ্ষকৰ ফাঁচীৰ দাবীতেই এই আন্দোলন চলিব৷
আমাক বাংলাদেশী বুলি নাভাৱিব৷ আমাৰ এইখন পশ্চিমবংগ হয়৷ আমি বাংলাদেশৰ সংস্কৃতি ভালপাওঁ৷ আমাৰ আৰু বাংলাদেশৰ সংস্কৃতি একেই৷ কিন্তু আমি পৃথক পৃথক ৰাষ্ট্ৰৰ বাসিন্দা৷ পশ্চিমবংগত জুই লগাই ৰাজ্যৰ লোকক বিপথে পৰিচালিত নকৰিব৷
পূজা শেষ হ’লেই নিৰ্বাচন৷ আমিও ছাত্ৰ ৰাজনীতি কৰিছো৷ আজিও জুনিয়ৰ ডাক্তৰসকলে মিছিল কৰি আছে৷ মই কৈছো কৰক মিছিল৷ মই আপোনালোকৰ ওপৰত প্ৰশাসনক জপিয়াই পৰিবলৈ দিয়া নাই৷ কিন্তু চিকিৎসকসকলক মোৰ এটাই অনুৰোধ আপোনালোকে চিকিৎসা সেৱা কৰিবলৈ বন্ধ নকৰিব৷ বহু দুখীয়া মানুহে চিকিৎসাৰ বাবে আহে৷ তেওঁলোক প্ৰাইভেটলৈ যাব নোৱাৰে৷
মই নিৰ্যাতিতাৰ পিতৃ-মাসৃৰ সৈতে আলোচনাত বহিছো৷ মই তেওঁলোকক সুধিছিলো কি দাবী আছে আপোনালোকৰ৷ তেওঁলোকক মই কথা দি আহিছো৷ মোক শনিবাৰলৈকে সময় দিয়ক৷ অৰ্থাৎ সোমবাৰৰ পৰা ৫দিন সময়৷ তাৰমাজতেই মই বিচাৰ কৰিম৷ কিন্তু আমাৰ পৰা কেছটো চিবিআইয়ে ল’লে৷ আজি ১৬ দিন হ’ল কিন্তু কি কৰিছে চিবিআইয়ে? যদি বিচাৰ বিচাৰিছে তেন্তে আপোনালোকে চিবিআইক প্ৰশ্ন কৰক৷
মই আগন্তুক সপ্তাহত স্পীকাৰক লৈ এছেম্বলি কল কৰিম৷ আৰু আমাৰ পশ্চিমবংগ বিধানসভাৰ পক্ষৰ পৰা আগন্তুক ১০ দিনৰ ভিতৰত ধৰ্ষকৰ ফাঁচি বিচাৰিছো৷ এই বিল পাছ কৰি ৰাজ্যপালৰ ওচৰলৈ পঠিয়াম৷ মই জানো ৰাজাবাবুৱে একো নকৰে৷ সেয়ে পৰবৰ্তী পদক্ষেপৰ বাবে মই সাজু৷ আমাৰ কন্যাসকলে ৰাজভৱনলৈ গৈ ঘণ্টা ঘণ্টা ধৰি আন্দোলন কৰিব৷ এই বিলত ছহী কৰিবই লাগিব৷ ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ ওচৰলৈ এই বিল পঠিয়াই দায়িত্ব সামৰিলে নহ’ব৷ মোৰ কথা এটাই ধৰ্ষণ কৰা মানেই ধৰ্ষণকাৰীৰ শাস্তি কেৱল ফাঁছী, ফাঁছী আৰু ফাঁছী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ