অসম লাইভ ২৪ঃ ৰাজ্যত অব্যাহত আছে ভেকচিনেচন অভিযান। ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৃহস্পতিবাৰে ভেকচিন ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিষেধক গ্ৰহণ কৰি ৰাজ্যৰ সকলো সামৰ্থৱান লোকক প্ৰতিষেধক ল’বৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
Took my first shot of #COVID19 vaccine at GMCH.
Vaccines are safe and will help us defeat this pandemic. I urge all eligible persons of the state to get vaccinated and continue following safety precautions. pic.twitter.com/xb2YI5MFJz
— Sarbananda Sonowal (@sarbanandsonwal) April 8, 2021
ইফালে দিল্লীৰ এইমচত কোভিড ভেকচিনৰ দ্বিতীয়টো ড’জ ল’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। এদিনতে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈছে ১৯৫গৰাকী ব্যক্তি। বৰ্তমানলৈকে মুঠ নতুন আক্ৰান্তৰ সংখ্যা হৈছে ৮৪৭জন। অসমত বৰ্তমান কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,১৯,০২৭জনলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ